বটদ্ৰৱাৰ জামুগুৰি কুজীডাঁহ পঞ্চায়তত স্তিমিত নিৰ্বাচনী প্ৰচাৰ
আগ্ৰহ নাই ৰাইজ,দলীয় কৰ্মী-সমৰ্থকৰ

নগাঁওঃ পঞ্চায়ত নিৰ্বাচনে ৰাজ্যৰ চৌদিশ গৰম কৰি ৰখাৰ সময়তে বটদ্ৰৱাৰ জামুগুৰি কুজীডাঁহ গাঁও পঞ্চায়তত নিস্তেজ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ সৰ্বসাধাৰণ ৰাইজকে ধৰি ৰাজনৈতিক দলৰ কৰ্মী সকলৰ মাজতো কোনো ধৰণৰ উৎসাহ পৰিলক্ষিত হোৱা নাই ৷ মূলত: দুৰ্বল আৰু গণভিত্তিহীন প্ৰাৰ্থীয়েই এই উৎসাহীনতাৰ মূল কাৰণ বুলি সচেতন মহলে মত পোষণ কৰিছে ৷
ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতেও এই ক্ষেত্ৰত নিশ্চিতভাৱে ইন্ধন যোগাইছে৷ বিজেপিৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ দাবীদাৰ দুগৰাকী প্ৰাৰ্থীক বঞ্চিত কৰি মূৰকত আন দুগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়াৰ বাবে একাংশ বিজেপি কৰ্মী-সমৰ্থকে নিৰ্বাচনী প্ৰক্ৰিয়াটোত নিস্ক্ৰিয় ভূমিকা পালন কৰিছে বুলি জানিব পৰা গৈছে৷ বিশেষকৈ আঞ্চলিক সদস্য পদৰ বাবে বিজেপিৰ পৰা অনানুষ্ঠানিকভাৱে জনৈক শইকীয়া উপাধিৰ এগৰাকী নিষ্ঠাৱান কৰ্মীক প্ৰক্ষেপ কৰিছিল যদিও নাটকীয়ভাৱে সেই গৰাকী প্ৰাৰ্থীক বঞ্চিত কৰি ৰাজনৈতিক ক্ষেত্ৰখনত একেবাৰে নতুন, এগৰাকী ন-বিজেপিক প্ৰাৰ্থীত্ব দিয়াত পঞ্চায়তটোৰ একাংশ বিজেপি কৰ্মীয়ে নিস্ক্ৰিয় ভূমিকা পালন কৰাৰ বিপৰীতে আন একাংশই ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
আন এক সূত্ৰৰ মতে, বিগত বিধানসভাৰ নিৰ্বাচনত বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ বিধায়িকা গৰাকীক পঞ্চায়তটোত সংখ্যাগৰিষ্ঠতা লাভ কৰোৱাত বিশেষ পদক্ষেপ গ্ৰহণ কৰা আন এটা শক্তিশালী দলে প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত তথা ধনবলৰ জোৰত আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ টিকট লাভ কৰিবলৈ সক্ষম হোৱা ন-বিজেপি প্ৰাৰ্থী গৰাকীক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিৰোধী দলৰ লগত গোপনে হাত মিলাইছে৷ তদ্ৰুপ, বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী গৰাকীৰ ওপৰতো সৰ্বসাধাৰণ ৰাইজৰ অসন্তুষ্টিৰ শেষ নাই ৷
আনহাতে, পঞ্চায়তটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচৰা লোকৰ সংখ্যা একেবাৰে নগন্য হোৱাত সভাপতি আৰু আঞ্চলিক সদস্য পদৰ বাবে গণভিত্তিহীন আৰু অনভিজ্ঞ প্ৰাৰ্থী প্ৰক্ষেপ কৰাত পঞ্চায়তোৰ ৰাজনৈতিক ভাৱে সচেতন ৰাইজ স্তম্ভিত হৈ পৰিছে ৷ কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীয়ে এটা বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ গইনালৈ কংগ্ৰেছী সমৰ্থক সকলে উক্ত বিশেষ সম্প্ৰদায়টোৰ বসতিপ্ৰধান দুখন বৃহৎ গাঁৱত নিকৃষ্ট সাম্প্ৰদায়িক ৰাজনীতিৰ পোহাৰ মেলাৰ অভিযোগ উঠিছে ৷
কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী গৰাকী অঞ্চলৰ সৰবৰহী যুৱক যদিও অদ্যপি তেওঁ ভোটাৰক কোনো ধৰণেৰেই আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাই ৷অগপৰ আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকী নিজা বাসস্থানৰ আশে-পাশে কিছু জনাজাত যদিও পঞ্চায়তটোৰ পশ্চিমাঞ্চলত তেওঁ অদ্যপি অচিনাকি মুখ ৷ অৱশ্যে ৰাইজে বেনাৰ-পোষ্টাৰৰ মাধ্যমেৰে প্ৰাৰ্থী গৰাকীৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছে ৷
ইয়াৰ বিপৰীতে, অগপৰ সভাপতি পদৰ প্ৰাৰ্থী গৰাকীৰ স্থিতি বৰ্তমানলৈকে সন্তোষজনক ৷ হাতীচোং মৌজাৰ মৌজাদাৰ তথা অসম আন্দোলনৰ নেতৃস্থানীয় ব্যক্তি এগৰাকীৰ পুত্ৰ, সৰবৰহী আৰু সৰল ব্যক্তিত্বৰ যুৱক গৰাকীৰ সমাজৰ সৰ্বস্তৰত থকা জনপ্ৰিয়তালৈ লক্ষ্য কৰিলে তেওঁৰ পথ সুগম বুলিবই পাৰি যদিও সচেতন মহলে তেওঁৰ ৰাজনৈতিক বিচক্ষনতাৰ ওপৰত প্ৰশ্ন তুলিছে ৷
আনহাতেদি গঞাঁৰাইজ ৰাস উদযাপনৰ পাছতেই বৰ্তমান আঘোণ মাহ হোৱাৰ বাবে পথাৰৰ সোণগুটি চপোৱাৰ কামত ব্যস্ত হৈ পৰিছে ৷ আগন্তুক নিৰ্বাচনক লৈ ৰাইজৰ আগ্ৰহহীনতাৰ ইও এক অন্যতম কাৰণ ৰূপে চিহ্নিত হৈছে ৷ সুস্থ গণতন্ত্ৰৰ স্বাৰ্থত প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়েই আহি থকা সময়ত এক সুস্থ আৰু নিকা পৰিৱেশৰ মাজেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাটোৱে এতিয়া সকলোৰে কাম্য ৷
নগাঁৱৰ পৰা চন্দ্ৰজিৎ দাস