
জাজৰিঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ এটি শাখা ৩ ছেপ্তেম্বতৰ কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰংগণত অনুষ্ঠিত সভাত গঠন হয়। সোনাইপৰীয়া শাখা কবি সন্মিলন নামেৰে গঠন হোৱা শাখাটোৰ সভাপতি হিচাপে দীপজ্যোতি বৰা, সম্পাদক হিচাপে সঞ্জীৱ সাগৰ চৌধুৰী আৰু পত্রিকা সম্পাদক হিচাবে ৰাহুল দেৱ মনোনীত হয়। এই সভাৰ লগতে 'আগলি শৰতৰ বা..' শীৰ্ষক এটি কাব্যানুষ্ঠানো অনুষ্ঠিত হয়।
শিশুশিল্পী প্ৰিঞ্চিলিনা বৰাই পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা কাব্য অনুষ্ঠানত কবি প্ৰদীপ শইকীয়া, পুতুলী মুদৈ, ৰিজমনি কটকী, মিনাক্ষী বৰদলৈ, তপন কুমাৰ নগঞা, হেমন্ত নাথ, ৰূপম নাথ, প্ৰাণজিত কলংপৰীয়া, হেমন্ত চুতীয়া, নিতুল নাথ, নৱ ৰাজন, মৃদুপৱন বৰা, লক্ষীনাৰায়ন বৰা, মুনীন্দ্ৰ শইকীয়া, চন্দ্ৰকান্ত ৰাজা, অনিল নাথ, ভূপেন মহন্ত, বন্দনা বৰদলৈ, দিপি দাস, পূণ্যাষাপূনম চৌধুৰীকে ধৰি ডেৰকুৰি কবিৰ কাব্যধ্বনিত মুখৰিত হয় কুজিদাহ অঞ্চল।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পৌৰাহিত্য কৰে শিক্ষাবিদ দধিমোহন বৰাই। শিক্ষাবিদ ৰানাপ্ৰকাশ বৰা, পূৰ্ণ বেজবৰুৱা, ত্রৈলোক্য ভট্টাচাৰ্য, তপন বৰা উপস্থিত থকা অনুষ্ঠানটোত সদ্য সাহিত্য বঁটা প্ৰাপ্ত সাহিত্যিক, বিশিষ্ট কবি সুশীল বৰাক সম্বৰ্দ্ধনা জনোৱা হয়।