01
Sep
2017

লংকাঃ যোৱা ২২ আগষ্টত নিশা লংকাত গুলি চলাই ব্যৱসায়ী বিপ্লৱ দেৰ পৰা ডকাইতি সংঘটিত কৰা ৪ ডকাইতৰ তিনিটা দুধর্ষ ডকাইত লংকা আৰক্ষীৰ জালত পৰিছে। ডি এচ পি হেমেন দাসৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে পৃথকে পৃথকে তিনিটা ডকাইতক আটক কৰিব সক্ষম হয়।
আটকাধীন নুৰ আলী, হবিবুৰ ৰহমান আৰু জামাল উদ্দিন। নুৰ আলীক নগাঁওৰ ইটাপাৰা বেলতলাৰ পৰা আটক কৰাৰ লগতে হবিবুৰ ৰহমানক ধিং আৰু জামাল উদ্দীনক লংকাৰ ২ নং শ্যামবাড়িৰ পৰা আটক কৰে লংকা আৰক্ষীয়ে। আনহাতে ডকাইতি কাণ্ডত জড়িত ধুপগুৰিৰ ইকৰামুল বৰ্তমানেও পলাতক।
ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ আলিৰ ঘৰ হোজাইৰ বালুহ'ন্দৰত। ধৃত নুৰ আলী ইয়াৰ পূৰ্বেও বিভিন্ন ডকাইতি আৰু হত্যা কাণ্ডত জড়িত আছিল।