newsnextone.com | নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৃথিৱীৰ কবি ৰাম গগৈয়ে ১৯৯৪ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে কায়িকভাৱে আমাৰ পৰা বিদায় লয়। সেয়ে বিশিষ্ট কবি গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি প্ৰতি বছৰে সমগ্ৰ ৰাজ্যতে ৯ ছেপ্তেম্বৰৰ দিনটো "ৰাম গগৈ স্মৃতি দিৱস" হিচাপে সদৌ অসম কবি সন্মিলনে পালন কৰি আহিছে। 

তদনুযায়ী পূৰ্ব বছৰ বোৰৰ দৰেই আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ যুটীয়া উদ্যোগত এই দিৱসটি বেবেজীয়াৰ সমীপস্থ জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি, বিয়লি ৩ বজাত জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰা আৰু কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ নাথে ৰাম গগৈৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰাৰ অন্তত শিল্পী পেন্সনাৰ পৰাণ দাসৰ পৰিচালনাত তথা জগন্নাথ দাস আৰু বিষ্ণুপ্ৰিয়া দাসৰ সহযোগত গীতাঞ্জলি দাসৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে মূল অনুষ্ঠান স্মৃতিচাৰণ সভা আৰু কবিমেলৰ শুভাৰম্ভ কৰা হয়। 

নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি দূৰ্গেশ্বৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সোনাইপৰীয়া শাখা কবি সন্মিলনৰ সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰীয়ে। কবি কেশৱ বৰা আৰু দূৰ্গেশ্বৰ বৰকটকীয়ে ৰাম গগৈৰ কৰ্মৰাজিৰ সন্দৰ্ভত আলোকপাত কৰাৰ পিছতেই কবিমেলখনি আৰম্ভ কৰা হয়। 

"নূপুৰ মোমাইদেউ" খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য মোহন ভট্টাচাৰ্য আৰু দিজেন্দ্ৰ মোহন হাজৰিকাই কবিতা পাঠেৰে উদ্বোধন কৰা সভাখনত নগাঁও সদৰ কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়া, দীপ্তি বৰা, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি,কবি দীপ্তি বৰা, হাচিনা মমতাজ, ৰূপম নাথ, প্ৰাঞ্জল বৰদলৈ, মুনীন্দ্ৰ কুমাৰ নাথ, ৰাজু দত্ত, পাপুৰাজ যোগী, নৰেন্দ্ৰ নাথ হাজৰিকা, মায়ামণি দেৱী, বিনয় দাস, দীনবন্ধু দাস, পূৰ্ণিমা দেৱী, মীনা দেৱী, গংগা ডেকা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জিপাল কৰি তোলে।

 উৎপল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰবীন শিল্পী গম্ভীৰ নাথে সুৰাৰোপ কৰা বিষ্ণুৰাভাৰ এটি গীত পৰিবেশনৰ লগতে শিশু কবি পূণ্যাহা পুনম চৌধুৰী আৰু প্ৰিয়ব্ৰত যোগীৰ কবিতা আবৃতিয়ে উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। বিশিষ্ট কবি তথা বাক্সাৰ তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা চন্দ্ৰ কুমাৰ বড়া পৰ্যালোচকৰূপে উপস্থিত থকা কবিমেলৰ অন্তত জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই কাব্যমন্ত্ৰৰে সামৰণি পৰা অনুষ্ঠানৰ সফল ৰূপায়নৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে জিলা সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে।