জাজৰিঃ সদ্য গঠিত সোনাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত ২৪ ছেপ্টম্বৰত শাখাৰ অন্তৰ্গত চমুৱাগাঁও চাৰিআলিত "সোনাইপৰীয়া কাব্যকণ্ঠ" নামেৰে স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে। 

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত স্বচ্চতা কাৰ্যসূচী, ৯ বজাত পতাকা উত্তোলন, ৯-৩০ বজাত পথাৰ কবি ৰাম গগৈ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, ক্ষুদ্ৰ গ্ৰন্থমেলা দ্বাৰ উন্মোচন, বৃক্ষ ৰোপনৰ পাছত সোনাইপৰীয়া কবি সন্মিলনৰ স্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন হ’ব। 

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান। এই অনুষ্ঠানলৈ সোনাইপৰীয়া সকলো কাব্যচিন্তক, নবীন লেখক-লেখিকা, শুভচিন্তক সকলোকে অংশগ্ৰহণ আৰু উপস্থিতি কামনা কৰিছে সোনাইপৰীয়া শাখা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক জয়ন্ত মুদৈয়ে।