29
Jul
2017

দলংঘাটঃ দৰং জিলাৰ বুঢ়া আৰক্ষীৰ অভিযানত জব্দ হ’ল অবৈধ কাঠফলা মিল৷ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৰেন্দ্ৰ হাজৰিকাৰ নেতৃত্বত চলা অভিযানত আন্ধেৰীঘাটৰ সমীপৰ বামুনঝাৰত অবৈধ কাঠফলা মিল জব্দ হয়।
দীৰ্ঘদিনৰ পৰা বামুনঝাৰ অঞ্চলত কাঠফলা মিল চলি থকাৰ অভিযোগ উত্থাপন কৰি অহাৰ মাজতে বুঢ়া আৰক্ষীয়ে আজি জব্দ কৰে মিলটো।
উল্লেখ্য যে, দৰং জিলাৰ বিভিন্ন স্থানত বহু অবৈধ কাঠ মিল আজিও চলি আছে৷ উক্ত কাঠফলা মিলবোৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনািছে স্থানীয় ৰাইজে৷