16
Oct
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নগাঁওঃ নগাঁও চহৰত পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিজনকৈ আৰক্ষীৰ জোৱান গুৰুতৰ ভাবে আহত হয়৷ নগাঁও চহৰৰ মাজমজিয়াত আৰক্ষীৰ বাহনে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়৷ ৷ নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ তীব্ৰ বেগী বাহনে বিদ্যুত পৰিবাহী খুঁটাত খুন্দা মাৰে৷
ফলত তিনিজন আৰক্ষীৰ জোৱান গুৰুত্বৰভাবে আহত হয়৷ স্থানীয় লোকে আৰক্ষীৰ লোক কেইজনক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ চহৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল বৰবজাৰত সংঘটিত হৈছে এই ঘটনা৷