
অভয়াপুৰীঃ বিশ্ব জনসংখ্যা দিৱসৰ উদযাপন শেষ নৌহওতেই ৰাজ্যত পুনৰাই সংঘটিত হৈছে বাল্যবিবাহৰ দৰে গৰ্হিত কাণ্ড। অসমৰ অনগ্ৰসৰ এলেকাবোৰত উদ্বেগজনক হাৰত এই নিন্দনীয় কাৰ্য চলি থকাৰ মাজতে বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই অহাৰ সময়তে এনে এক কাণ্ডই লজ্জানত কৰিছে অভয়াপুৰীবাসীক।
ঘটনাৰ সৱিশেষ মতে বাল্য বিবাহখনৰ প্ৰস্তুতি চলিছিল বঙাইগাঁও জিলাৰ অভয়াপুৰী নিকটবৰ্তী আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত টুলুঙীয়া ২য় খণ্ডত।
বিয়াখনৰ কন্যাৰ বয়স ১৪ বছৰ হোৱাৰ অভিযোগৰ ভিত্তিত জিলা শিশু সুৰক্ষা আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে।
প্ৰাপ্ত তথ্য মতে টুলুঙীয়া ২য় খণ্ডৰ ২৫ বছৰীয়া যুৱক বিজু দাসৰ লগত ১৪ বছৰীয়া নাবালিকাৰ বিবাহৰ প্ৰাৰম্ভিক যো-জা চলি থকা সময়তে আৰক্ষীসহ জিলা সুৰক্ষা বাহিনীৰ দলটো আজি দুপৰীয়া প্ৰায় ১ মান বজাত বিবাহস্থলীত উপস্থিত হয়।
পিছত দৰা-কইনা দুয়োটা পৰিয়ালৰ সন্মতি মৰ্মে ছোৱালী গৰাকী সাবালক হ’লে ছোৱালী জনীৰ অনুমতি সাপেক্ষে বিজু দাসৰ লগত বিবাহ কাৰ্য সম্পন্ন কৰিব বুলি এক লিখিত চুক্তি সম্পাদিত হয়। আৰক্ষী আৰু জিলা শিশু সুৰক্ষা বাহিনীয়ে ছোৱালী গৰাকীক নিজ পৰিয়ালৰ হাতত গতাই দিয়ে।