গৰৈমাৰীঃ আকৌ ঘোচ লৈ ধৰা পৰিল আৰক্ষী।  বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু এএছআইয়ে ঘোচ লৈ হাতে-লোতে ধৰা পৰি দুৰ্নীতি নিবাৰক শাখাৰদ্বাৰা গ্রেপ্তাৰ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ উক্ত থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ঘোচ লোৱাৰ ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিং পোহৰলৈ আহিছে।

যোৱা ২০ মে’ত সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত পুৰাণ গাঁৱৰ ফজল হক নামৰ এজন লোকক সোণতলী আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। লোক জনক জামিন কৰিবলৈ পৰিয়ালৰ লোকে আৰক্ষী থানাত উপস্থিত হয় যদিও আৰক্ষী বিষয়া অনিল শৰ্মাই জামিনৰ বাবদ ৫০ হাজাৰ টকা দাবী কৰে। 

ফজল হকৰ পৰিয়ালে ৫০ হাজাৰ টকা আৰক্ষীক দিব নোৱাৰাত আৰক্ষীয়ে যুৱক জনক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে এজাহাৰ খনৰ আধাৰত অতিৰিক্ত ধাৰা আৰোপ কৰা হ’ব বুলি কৈ কৌশলেৰে আৰক্ষীয়ে পৰিয়ালটোৰ পৰা নগদ ১০ হাজাৰ টকা লৈ ১৫ দিন পিছত বাকী থকা টকা লৈ আকৌ থানালৈ আহিবলৈ কয়।

ফজলৰ পৰিয়ালে আৰক্ষীৰ কথা মতে থানাত উপস্থিত হয় যদিও অভিযোগনামা দাখিল কৰাৰ বাবে ১৫ হাজাৰ টকা আদালতত জমা দিব লাগিব বুলি বিষয়াজনে কয়। 

টকা নিদিলে গোচৰৰ ধাৰা বেয়া হ’ব বুলিও আৰক্ষী বিষয়াই ভাবুকি প্রদান কৰাত ভূক্তভোগী পৰিয়ালটোৱে আকৌ ১৪ হাজাৰ টকা আৰক্ষী বিষয়া অনিল শৰ্মাক ঘোচ দিয়ে যদিও গোপনীয়তাৰে ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিং কৰি ৰাখে।

ৰক্ষক হৈ ভক্ষকৰ ৰূপ ধাৰণ কৰা সোণতলী আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে কামৰূপ জিলা আমছুৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনে তদন্ত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।