
বঢ়মপুৰ/লালুকঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত আজিও অব্যাহত আছে৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাকে নিতৌ ধন-জনৰ ক্ষতি কৰি আহিছে৷ নগাঁও জিলাৰ কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বামুণী কাৰ্বি গাৱঁত বন্যহস্তী খেদিবলৈ গৈ এজন বন বিষয়া গুৰুতৰভাৱে আহত হয়৷
আহত বন বিষয়াগৰাকীৰ নাম দুলাল হাজৰিকা। বিষয়াগৰাকীয়ে বামুণী কাৰ্বি গাৱঁত বন্যহস্তীৰ উপদ্ৰবৰ খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হোৱাৰ পাছতেই বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয়৷ আক্ৰমণত বন বিষয়াগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ পাছত স্থানীয় ৰাইজৰ সহযোগত ১০৮ এম্বুলেন্সেৰে বন বিভাগৰ লোকে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷
শনিবাৰে নিশা বামুণী কাৰ্বি গাঁৱত বন্য হস্তীয়ে আতংকৰ সৃষ্টি কৰে। আনহাতে অসম অৰুণাচল সীমান্তৰ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাডি ৰিৰ্জাভৰ মইনাজুলিস্থিত সীমান্ত আৰক্ষী চকীৰ এজন জোৱান বন্যহস্তীৰ আক্ৰমণত নিহত হয়।
আৰক্ষী চকীৰ পৰা মাত্ৰ দুশ মিটাৰ আতৰৰ এখন দোকানলৈ যায় ১৩নং অসম আৰক্ষী জোৱান ১নং প্লাটুন কামাণ্ডাৰ তথা ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ লেজাইৰ হৰি বাইলুঙ(৫৮) আৰু দুজনকৈ কনিষ্ঠ জোৱানে৷ তেনে সময়তে জোৱানকেইজন এটা বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয়৷ বনৰীয়া হাতীৰ আক্ৰমণত হৰি বাইলুং গুৰুতৰভাৱে আহত হয়।
তিনিওজনকে আগভেটি ধৰাত বাইলুঙৰ বাদে বাকী দুজন জোৱান দৌৰি পলাই সাৰে যদিও বাইলুং দৌৰিব নোৱাৰাত হাতীটোৱে শুৰেৰে বাইলুঙক আজুৰি আনে। হাতীৰ আক্ৰমণত বাইলুঙৰ সোঁ হাতখন সম্পূৰ্ণ ভাঙি যায় আৰু শৰীৰৰ গোপন অংশত আঘাত পায়৷ মইনাজুলি সীমান্ত আৰক্ষী চকীৰ জোৱানে নিশায়েই আঘাত প্ৰাপ্ত বাইলুঙক লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে জোৱানজনৰ মৃত্যু হয়।