
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আৰক্ষীয়ে আজিলৈ কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবিএমছুয়ে৷ আজি এক প্ৰেছ বিবৃতিযোগে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলাম আৰু কাৰ্যকৰী সভাপতি নজৰুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ প্ৰায় ডেৰমাহ উকলি যোৱাৰ পিছতো আজিলৈ আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিব নোৱাৰিলে৷
নেতাদ্বয়ে কয় যে হত্যাকাণ্ডটোৰ ইমানদিনে তদন্ত চলাই নিয়া বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ তদন্ত ৰাজহুৱা কৰা আৰু হত্যাকাণ্ডটোৰ চিবিআই তদন্ত নিদিলে অহা ২৪ ছেপ্তেম্বৰৰ পিছৰে পৰা অনিৰ্দিষ্টকালীন কোকৰাঝাৰ জিলা বন্ধ নতুবা ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচী লোৱা হ’ব বুলি ভাবুকি দিয়ে৷ ইয়াৰ ফলত জিলাখনত উদ্ভৱ হব পৰা যিকোনো ঘটনাৰ বাবে জিলা প্ৰশাসনে জগৰীয়া হ’ব বুলিও নেতাদ্বয়ে স্পষ্ট কৰি দিছে৷
নেতাদ্বয়ে প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে, এবিএমছুৰ প্ৰয়াত সভাপতি গৰাকীৰ হত্যাকাৰীৰ পৰিচয় লাভ কৰা সত্বেও গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্য প্ৰকৃততে কোকৰাঝাৰ জিলা প্ৰশাসন আৰু অসমৰ গৃহবিভাগ যে ব্যৰ্থ হৈছে তাকেই প্ৰতিপন্ন হোৱা বুলিও অভিযোগ কৰিছে৷