শিমলুগুৰিঃ আৰক্ষীয়েও ভাল কাম কৰে৷ হয়তো ভাল কামবোৰ প্ৰচাৰ নহয়৷ শিৱসাগৰৰ শিমলুগুৰিত ৰাইজে গুণ গালে আৰক্ষীৰ৷ এগৰাকী অসহায় ৰাজপথত পৰি থকা বৃদ্ধাক চিকিৎসা কৰি বাঃ বাঃ লাভ কৰে আৰক্ষীয়ে৷

প্ৰাপ্ত বাতৰি মতে, শিমলুগুৰি নগৰৰ বালিঘাট তিনিআলিৰ সমীপত এগৰাকী বৃদ্ধা অচেতন অৱস্থাত পৰি থকাৰ খবৰ লাভ কৰে শিমলুগুৰি আৰক্ষীয়ে।

থানাখনৰ সহঃপৰিদৰ্শক বিষ্ণু সৰকাৰসহ আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ উক্ত ঠাইত উপস্থিত হৈ ৰুগীয়া বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীৰ গাড়ীৰে লিগিৰী পুখুৰীৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰায়৷ আৰক্ষীয়ে নিজ পকেটৰ টকা খৰছ কৰি দৰৱ পাতি কিনি দিয়ে বৃদ্ধগৰাকীক।

সততে সমালোচনা হৈ থকাৰ মাজতে আৰক্ষীৰ দলটোৰ এনে মহানুভৱতাক প্ৰশংসা কৰিছে ৰাইজে। প্ৰতিগৰাকী আৰক্ষীৰ লগতে সকলো লোকেই এনে কাম কৰিবলৈ আগবাঢ়ি আহিলে সমাজখন সলনি হৈ পৰিব বুলি আশা প্ৰকাশ কৰে সচেতন মহলে।