• মাঘৰ উৰুকাৰ ভোজভাত খোৱা নহ'ল দেনাগ্ৰা ব্ৰহ্মৰ 
  • বাক্সাৰ শালবাৰীৰ গোৱৰ্দ্ধনাত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত সাহসী আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম

গোৰেশ্বৰঃ  সমনীয়াৰ সৈতে মাঘ বিহুৰ উৰুকাৰ ভোজভাত খোৱা নহ'ল গোৰেশ্বৰ থানা অন্তৰ্গত মহৰিপাৰাৰ নিবাসী দেনাগ্ৰা ব্ৰহ্মৰ। আজি বৰপেটা জিলাৰ গোবৰ্দ্ধনাত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাগসা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাত  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দেনাগ্ৰা ব্ৰহ্ম। কালি মহৰিপাৰাৰ সমনীয়া বন্ধুৱে ফোন কৰাত মহৰিপাৰাত এইবেলিও মাঘ বিহুৰ উৰুকাৰ  নিশা উপস্থিত থকাৰ কথা জনাইছিল দেনাগ্ৰাই। উৰুকাৰ নিশা সমনীয়াৰ সৈতে ভোজভাত খোৱাৰ পৰিকল্পনা কৰি মাঘ বিহুত ঘৰলৈ অহাৰ কথা আছিল দেনাগ্ৰাৰ। কিন্তু কালৰ কি পৰিহাস! এক পথ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল দেনাগ্ৰা নামৰ এক উজ্জ্বল প্ৰতিভা। সৰুৰে পৰা অতি সাহসী আৰু সাংস্কৃতিক মন থকা দেনাগ্ৰা ব্ৰহ্মৰ অকাল বিয়োগত গোৰেশ্বৰ-মহৰিপাৰাত গভীৰ শোকৰ ছাঁ পৰিছে। 

জানিব পৰা মতে পুৱা প্ৰায় ৫ বজাৰ পূৰ্বে আচামী ধৰিবলৈ দেনাগ্ৰা ব্ৰহ্ম ওলাই যায় পাঁচ জন আৰক্ষী জোবান সৈতে। তাৰ পৰা উভতি অহাৰ পথত  AS 15AC 1561 নম্বৰৰ ট্ৰেক্টৰখনৰ সৈতেAS O1 DU 9997 নম্বৰৰ আৰক্ষীৰ ব'লেৰো বাহনখনৰ মুখামুখী সংঘৰ্ষ ঘটে। এই ঘটনাত গোবৰ্দ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম আৰু কনিষ্টবল চালক বিজন উজীৰ  ঘটনাস্থলীতে নিহত হয়। দুৰ্ঘটনাটোত চাৰিজন লোক আহত হয়। 

মহৰিপাৰাৰ উত্তৰ বেতনা হাইস্কুলত ১৯৯৮ চনত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিষয়  স্নাতক ডিগ্ৰী লাভ কৰে। দেনাগ্ৰা ব্ৰহ্ম বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে সাংস্কৃতিক দিশতো ওতঃপ্ৰোত ভাৱে জৰিত আছিল। উত্তৰ বেতনা আঞ্চলিক এবছুৰ মুখপত্ৰৰ দায়িত্ব থকা দেনাগ্ৰা বাগসা জিলা এবছুৰো সদস্য আছিল। স্কুলীয়া দিনৰে পৰা  কবিতা,গল্প আদি লিখি ভাল পোৱা দেনাগ্ৰাৰ কবিতা পুথিও ইতিমধ্যে প্ৰকাশ পাইছে।

২০০৬ চনত অসম আৰক্ষীত চাব ইন্সপেক্টৰ  হিচাপে ডিমা হাচাওত যোগদানৰ মাইবং থানাত যোগাদান কৰিছিল দেনাগ্ৰা ব্ৰহ্মই। ইয়াৰ পিছত ধনশিৰি থানালৈ চাব ইন্সপেক্টৰ হিচাপে যোগদান কৰাৰ পিছত বাগসা জিলাৰ শিমিলাত আৰু তাৰ পিছত গোবৰ্দ্ধনা থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে প্ৰায় চাৰিমাহ পূৰ্বে যোগদান কৰে। জানিব পৰা মতে সমগ্ৰ বাগসা জিলাৰ আৰক্ষীৰ অপাৰেশ্বনৰ বিশেষ দায়িত্ব বহন কৰি আছিল দেনাগ্ৰাই। অতি সাহসী আৰু নিষ্ঠাবান আৰক্ষী বিষয়া হিচাপে খ্যাত দেনাগ্ৰা খেলা ধূলাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত আছিল। মহৰিপাৰত বিহুদলৰ নেতৃত্ব প্ৰদান কৰাৰ লগতে সাংস্কৃতিক দিশতো আগভাগ লৈছিল দেনাগ্ৰাই। 

দেনাগ্ৰা ব্ৰহ্মৰ পিতৃ বৰুৱা কান্ত ব্ৰহ্ম সদৌ বড়ো ৰাইটাৰ্ছ একাডেমীৰ বৰ্তমানৰ সম্পাদক। তেওঁ  ৰঙিয়া জিলা বড়ো সাহিত্য সভা প্ৰাক্তন সভাপতি তথা তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰো তেওঁ প্ৰক্তন  উপ-সভাপতি আছিল ।

আজিৰ এই দুৰ্ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্মৰ পিতৃ বৰুৱা কান্ত ব্ৰহ্মই। তেওঁ অসম আৰক্ষীৰ শীৰ্ষ মহলক এই ঘটনাৰ এক উচিত তদন্ত কৰাৰ দাবী জনাইছে। আৰক্ষী বিষয়া গৰাকীৰ মৃত্যুত উত্তৰ বেতনা আঞ্চলিক এবছু, বড়ো সাহিত্য সভা,গোৰেশ্বৰ প্ৰেছ ক্লাৱ আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। মৃত্যুৰ সময়ত দেনাগ্ৰ ব্ৰহ্মই পিতৃ, পত্নী, জ্যেষ্ঠ ভাতৃ, ৬ বছৰীয়া কন্যা আৰু ২ বছৰীয়া পু