newsnextone.com | ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই থানাখনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ আৰক্ষী বিষয়াগৰাকীয়ে এটা গোচৰৰ জামিন সন্দৰ্ভত এজন লোকৰ পৰা ৬০ হেজাৰ টকা বিচাৰিছিল যদিও লোকজনে এজন দালালৰ জৰিয়তে ৬ হাজাৰ দিবলৈ ৰাজি হৈছিল৷ তাৰ পিছতে লোকজনে আৰক্ষী বিষয়াই টকা বিছৰাৰ অভিযোগ দিছিল দুৰ্নীতি নিবাৰক শাখাক৷ দুৰ্নীতি নিবাৰক শাখাৰ লোকৰ সন্মুখতে আৰক্ষী বিয়ষাগৰাককী ৬ হেজাৰ টকা দিয়াৰ সময়তে হাতে লোটে ধৰে বিষয়াগৰাকীক। শুকুৰবাৰে নিশা প্ৰায় ৮ মান বজাত আৰক্ষী বিষয়াগৰাকীক ধন দিয়াৰ সময়তে থানা খনতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি কেইবাঘণ্টা ধৰি সোধপোছ কৰে৷

জানিব পাৰ মতে, কাউৰবাহা উপ-আৰক্ষী চকীৰ এলেকাৰ বিহাপাৰাৰ আইনাল আলী নামৰ লোকজনৰ পৰা কাজিয়াৰ গোচৰৰ জামিনৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে ৬০ হাজাৰ টকা বিচৰা বুলি অভিযোগ উত্থাপন হয়। তাৰ পিছতে লোকজনে ন্যায়ালয়ত জামিন আবেদন কৰি জামিন লাভ কৰে। সেইমতে জামিনৰ প্ৰতিলিপি আৰক্ষী থানাত দিবলৈ অহাত আৰক্ষী বিষয়াগৰাকীয়ে পূৰ্বে বিচৰা টকা পুনৰ বিচাৰে৷ অন্যথাই আদালেত দিয়া জামিনৰ প্ৰতিলিপি গ্ৰহণ নকৰাৰ অজুহাত দেখুৱাই৷ পিছত লোকজনে বিষয়টো অধিবক্তাক অৱগত কৰাৰ লগতে আলোচনাৰ মাধ্যমত বিষয়টো সমাধান কৰিম বুলি কয়৷ তাৰ পিছতে লোকজনে দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰে। সেইমতে শুকুৰবাৰে আৰক্ষী থানা খনত দুৰ্নীতি নিবাৰক শাখাৰ এটা দল উপস্থিত হয়। 

দলটো উপস্থিত হোৱাৰ পিছতে পৰিকল্পিত ভাৱে বিষয়াগৰাকীক গোচৰটোৰ জামিনৰ প্ৰতিলিপিটো দিয়াৰ উপৰিও ৬ হেজাৰ টকা দিয়ে। ধনখিনি লোৱাৰ পিছতে চদ্মবেশত থকা দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়া মুনীন দত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ৬ হেজাৰ টকা উদ্ধাৰ কৰে। আভিযানকাৰী দলটোৱে আৰক্ষী বিষয়াগৰাকীক এটা কোঠাত দৰ্জা বন্ধ কৰি সোধ-পোছ কৰে। প্ৰায় তিনিঘণ্টাৰ অন্তত আভিযানকাৰী দলটোৱে আৰক্ষী বিষয়াগৰাকী আৰু খন্দিকৰৰ গোলাম নবী নামৰ যুৱক এজনৰ সৈতে গুৱাহাটীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ লৈ যায়।

গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে কাউৰবাহা আঞ্চলৰ একাংশ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আৰক্ষী বিষয়া মুনীন দত্তই কাউৰবাহা থানাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অঞ্চলটোত অপৰাধ জনিত ঘটনা ৮০ শতাংশই কমি আহিছিল। সেইবাবে অপৰাধ জনিত ঘটনাৰ সৈতে জৰিত একাংশ লোকৰ টাৰ্গেট হৈ পৰিছিল মুনীন দত্ত। কিন্তু কাউৰবাহা অঞ্চলৰ একাংশ লোকে বিষয়াগৰাকীৰ বিৰুদ্ধে বিশেষ অভিযোগ নথকা বুলি কয়৷ 

একাংশ লোকে দাবী কৰা মতে শুকুৰবাৰে নিশা পৰিকল্পিত ভাৱে এই কাণ্ড সংঘটিত কৰা হৈছে৷ দুৰ্নীতি নিবাৰক শাখাক খবৰ দিয়া লোকসকলৰ ভিতৰত দুজন কেইবাটাও অপৰাধৰ সৈতে জৰিত হৈ থকাৰ উপৰিও থানাখনৰ এজন আৰক্ষী কনিষ্টবলৰ সৈতে সুসম্পৰ্ক থকা বুলি কয়৷ দীৰ্ঘ পৰিকল্পনাৰে আৰক্ষী বিষয়া মুনীন দত্তক জালত পেলোৱা হৈছে বুলি কব খোজে একাংশ লোকে৷ আন একাংশ লোকে শুকুৰবাৰৰ নিশাৰ ঘটনা পূৰ্ব পৰিকল্পিত যদিও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধ সময়ে সময়ে টকা লোৱাৰ অভিযোগ নথকা নহয়৷ আনহাতে শনিবাৰে আৰক্ষী বিষয়াগৰাকীৰ ৰঙিয়াস্থিত বাসগৃহত অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলাই যদিও দলটোৱে কোনো আপত্তিজনক তথ্য লাভ কৰিছে নেকি সেই কথা জানিব পৰা হোৱা নাই৷