29
Mar
2018

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত এগৰাকী আৰক্ষী বিষয়াক সন্ত্ৰাসবাদীয়ে নিজ ঘৰৰ চৌহদত সোমাই গুলীয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জম্মু কাশ্মীৰৰ অনন্তনাগত এই ঘটনা সংঘটিত হৈছে৷ নিহত আৰক্ষী বিষয়া জন মোস্তাক শ্বেখ বুলি জনা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, আৰক্ষী বিষয়া মোস্তাক আহমেদে অনন্ত নাগৰ ঘৰত থকাৰ সময়ত সন্ত্ৰাসবাদীৰ দল এটাই তেওঁৰ ঘৰত প্ৰৱেশ কৰে৷ ঘৰত প্ৰৱেশ কৰিয়েই যধে-মধে গুলীচালনা কৰি নিৰ্বেঘ্নে আতৰি যায় সন্ত্ৰাসবাদীৰ দল৷ ফলত দেহত কেইবাটাও গুলী লাগে বিষয়াজনৰ৷
ততাতৈয়াকৈ পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যুক আকোৱালি লয়৷ মোস্তাক আহমেদক ৰক্ষা কৰিবলৈ গৈ পত্নীও গুৰুতৰ ভাবে আহত হয়৷