
কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই লাহৰিজানৰ খান বস্তিত মঙ্গলবাৰৰ নিশা লক্ষাধিক টকাৰ গাঁঞ্জাভৰ্তি এখন ব’লেৰ’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি প্ৰতিদিনেই বিভিন্ন অপৰাধ মূলক কাৰ্য সংগঠিত হৈ অহা এই খান বস্তিত কালি নিশা এক অসাধু ব্যৱসায়ী চক্ৰই এখন ব’লেৰ’ গাড়ীত বৃহৎ পৰিমাণৰ গাঁঞ্জা লৈ আহি থকা অৱস্থাত কাৰাগাঁও আৰক্ষী পহৰা চকীৰ তহলদাৰীৰ আৰক্ষীৰ এটা দলৰ সৈতে উক্ত গাড়ীখনৰ মুখামুখি হয়৷
সেই সময়তেই গাড়ীখনৰ চালকে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয়৷ পাছত তহলদাৰী আৰক্ষীৰ দলটোৱে উক্ত ব’লেৰ’ গাড়ীখন ভালদৰে নিৰীক্ষণ কৰাত বৃহৎ পৰিমাণৰ গাঁঞ্জা প্ৰত্যক্ষ কৰে আৰু লগেলগে খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাক অৱগত কৰে৷ পাছত আৰক্ষী বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত হৈ গাঁঞ্জাসহ ব’লেৰ’ গাড়ীখন জব্দ কৰি খটখটি আৰক্ষী থানালৈ লৈ আনাৰ লগতে এক গোচৰ পঞ্জীয়ন কৰি এই অসাধু চক্ৰক জালত পেলাবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে৷
উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা এনএল-০৭-১৫৬১ নম্বৰৰ ব’লেৰ’ জিএলএস্ক গাড়ীখনত ২৫০ কিলোগ্ৰাম ওজনৰ গাঁঞ্জা উদ্ধাৰ কৰাৰ লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা হ'ব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷