
নলবাৰীঃ ৰাজনীতিৰ শত্ৰুই একে খন মঞ্চত একত্ৰিত হ’ল নলবাৰীত৷ বাকযুদ্ধত লিপ্ত হৈ থকা ৰাজনীতিৰ শত্ৰুৱে গালে গীত, আওৰালে কবিতা৷ নলবাৰী ৰাস মহোৎসৱত এই দৃশ্য দেখা গ’ল৷ নলবাৰী ৰাস মহোৎসৱ গ্ৰন্থ মেলাত সোমবাৰে নিশা গীত মাত, নৃত্য, কবিতা, কৌতুকেৰে 'ৰাজনীতিবিদৰ এঘন্টা' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়৷
গ্ৰন্থ মেলাৰ তত্বাৱধায়ক সুভাষ দেৱ নাথ আৰু আহ্বায়ক দিলজিৎ বৰ্মন তথা আছাম টকছ নিউজ চেনেলৰ সাংবাদিক প্ৰশান্ত শৰ্মাই আতঁ ধৰা অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই কবিতা পাঠ কৰে, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে সংগীত পৰিবেশন কৰে আৰু অগপ নেতা ডঃ ৰবীন দাসে লোকগীত পৰিবেশন কৰে আৰু চি পি আই (এম) দলৰ নেতা তথা গণ শিল্পী পদ্ম হালৈয়ে এটি বিপ্লৱী কবিতা পাঠ কৰি সমবেত ৰাইজক মুগ্ধ কৰে।
বিজেপি নেতা পুলক কুমাৰ শৰ্মা, নজৰুল ইছলাম, কংগ্ৰেছ নেতা ৰাতুল পাটোৱাৰী এটাকৈ কবিতা পাঠ কৰে। বিজেপি নেতা নিতুল ডেকাই ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কেইফাকিমান পৰামৰ্শমূলক বক্তব্য দাঙি ধৰে আৰু কংগ্ৰেছ নেতা দিব্যজ্যোতি হালৈয়ে নিজৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত অগপৰ যুৱ নেতা গুণমনি ভূঞা, বিজেপি নেতা জয়ন্ত বুজৰবৰুৱাই কৌতুক পৰিবেশন কৰি ৰাইজক আমোদ দিয়ে৷ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে এটি গীত পৰিবেশন কৰে।
পাপৰি মালাকৰে একমাত্ৰ মহিলা হিচাপে নিজৰ প্ৰতিভা দাঙি ধৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শেষত বিজেপিৰ ৰাজ্যিক সদস্য প্ৰতুল কলিতাই এটি ৰোমাণ্টিক বিহু গীত পৰিবেশন কৰি মঞ্চত থকা তথা ৰাইজকো নাচিব লগা পৰিবেশ কৰে। মুঠতে গ্ৰন্থ মেলাত ৰাজনীতিবিদৰ অনুষ্ঠানে কি বিজেপি, কি কংগ্ৰেছ, কি অগপ, কি বাওঁপন্থী সকলোৱে এঘন্টাৰ বাবে একাকাৰ হয়।