newsnextone.com | ডিব্ৰুগড়ঃ দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে ভাল খবৰটো পালে ৰমেশ দত্তই। কন্যাই ৬টা বিষয়তে লেটাৰ সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই খবৰ লাভ কৰি ঘৰলৈ দৌৰি আহে দত্তই৷ কন্যাই ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰমেশ দত্তৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই ফলাফল ঘোষণাৰ দিনটোতো যাবলগীয়া হ'ল কামৰ সন্ধানত। 

কাম কৰি নিজ কন্যাক পঢ়া-শুনা সঠিকভাবে আগবঢ়াই নিয়া ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমেশ দত্তৰ কন্যা চিমি দত্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫২৭ নম্বৰ লাভ কৰি লাহোৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷

মেধাবী ছাত্ৰীগৰাকীৰ পিতৃয়ে দিন হাজিৰা কৰি পঢ়ুৱাইছিল৷ পৰীক্ষাৰ সময়ত নামভৰ্তিৰ মাচুল যোগাৰ নোহোৱাত এটা সময়ত চিন্তাত পৰিছিল যদিও বহু কষ্টৰে যোগাৰ কৰিব লগা হৈছিল পিতৃয়ে৷ পিতৃয়ে দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পঢ়াৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল মেধাবী ছাত্ৰী চিমিয়ে। টিউচন অবিহনে ঘৰতে পঢ়ি ভাল ফলাফল কৰে চিমিয়ে৷

ফলাফল ঘোষণা কৰাৰ দিনাও পিতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰিবলৈ গৈছিল৷ দৰিদ্ৰতা যে মেধাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে থিয় দিছে পৰীক্ষাৰ্থী চিমিয়ে৷ ৰমেশ দও অাৰু ৰিতামণি দওৰ কন্যা চিমি দওই ভৱিষ্যৎ আদৰ্শ লোক হ’ব বিচাৰে৷ 

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়লৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিছিল চিমিয়ে৷ ডিষ্টিংচন সহ ৬টা বিষয়ত লেটাৰ লাভ কৰি প্ৰথম বিভাগত সুখ্যাতিৰে উওীৰ্ণ হৈ লাহোৱাল অঞ্চলৰ লগতে ডিব্ৰুগড় জিলাখনলৈ গৌৰৱ কঢ়িয়াই অানিবলৈ সক্ষম হয়৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান মেধাবী ছাত্ৰী চিমি দত্তক সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনে উষ্ম অভিনন্দন জ্ঞাপন কৰে৷ 

সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক উওম গগৈৰ নেতৃত্বত যোৱা এটা দলে লাহোৱালৰ হাটখোলা গাঁৱৰ কন্যা চিমিক নিজ বাসগৃহত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নামভৰ্তি কৰিবৰ বাবে নগদ ৬৫০০ টকা চিমিৰ হাতত প্ৰদান কৰে৷