
newsnextone.com | কামপুৰঃ তেওঁলোকৰ জীৱনৰ ৰং যেন হেৰাই গৈছে৷ এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰিলেও কালিলৈ পৰিয়ালটোৱে সুখেৰে দিন পাৰ কৰিছিল৷ এতিয়া মাথো পৰিয়ালটোৱে কেৱল ইজনে সিজনৰ মুখলৈ চাই দিন পাৰ কৰিছে৷ কিয়নো বিপ্ৰৰাল কুৰ্মী আৰু মাকনি কুৰ্মীৰ ২৪ মহীয়া কন্যা সন্তান সুপ্ৰিয়া আক্ৰান্ত হৈছে যটিল ৰোগত৷ ফলত পৰিয়ালটোৱে দুঃচিন্তাত দিন পৰা কৰিব লগা হৈছে৷
বিচনাত সময় পাৰ কৰা কন্যা সন্তানটোৰ চিকিৎসাৰ বাবদ সকলো শেষ কৰাৰ পিছতো ৰোগৰ পৰা আৰোগ্য হোৱা নাই৷ সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰে দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ সন্তানটোক উদ্ধাৰৰ বাবে তেওঁলোকৰ সকলো পথেই বন্ধ হৈ পৰিছে৷ কাৰ ওচৰলৈ যাব কোনে সহায় কৰিব পৰিয়ালটোক৷
তেওঁলোকৰ সন্তানটোৱে জন্মৰ ২৪টা মাহ অতিক্ৰম কৰিছে৷ চকুকেইটা মেলিয়েই পৃথিৱীৰ পোহৰ দেখিবলৈ পোৱাৰ পিছতে তাইৰ দেহত থিতাপি লয় দুৰাৰোগ্য ৰোগে৷ এতিয়া ধূলি-বালিৰ সৈতে খেলাৰ সময় আছিল যদিও মাতৃৰ কোলা আৰু বিচনাত সময় পাৰ কৰিছে সুপ্ৰিয়াই৷ মৰম লগা কন্যা শিশুটোৰ বয়স মাত্ৰ ২ বছৰ৷ নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেঙৰলৰ বাসিন্দা বিপ্ৰৰাল কুৰ্মী আৰু মাকনি কুৰ্মীৰ কোলাত দিন পাৰি কৰিছে সুপ্ৰিয়াই। খোজ কাঢ়িবলৈ আৰম্ভ কৰা শিশুটোৰ শৰীৰটো এতিয়া অচল। বহিব নোৱাৰে৷ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও সুস্থ হোৱা নাই শিশুটো।
শেহতীয়াকৈ ৰাজ্যৰ বাহিৰত শিশুটো চিকিৎসা কৰাৰ বাবে পৰামৰ্শ দিয়ে চিকিৎসকে। কন্যা শিশুটোৰ চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন৷ পৰিয়ালটোৱে শকত ধনৰাশী সাঁজু কৰিব নোৱাৰিলেও ৰাইজৰ পৰা বিছাৰিছে সহায়৷ দৰিদ্ৰ পৰিয়ালটোৰ বাবে ধনৰাশী এতিয়া সপোন হৈ পৰিছে। শিশুটোৰ চিকিৎসাৰ নামত ঘৰৰ ভেটিটোৰ বাহিৰে সকলো মাটি সম্পত্তি বিক্ৰী কৰিশেষ কৰিলে পৰিয়ালটোৱে৷ অসহায় শিশুটোৰ মাতৃয়ে কাতৰ আহ্বান জনাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰু ৰাইজৰ সহায় বিচাৰে৷ মাতৃয়ে সংবাদ মাধ্যমৰ লোকেৰ জৰিয়তে সহায় কৰিবলৈ আহ্বান জনায় ৰাইজক।
স্থানীয় লোকে শিশুটোৰ চিকিৎসাৰ সহায়ৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক৷ সকলোৰে অকণমান সহায়ে শিশুটোৱে নতুন জীৱন লাভ কৰিব৷ কোনো লোকে শিশুটোক সহায় কৰিব বিচাৰিলে মাতৃৰ 8471814405 নম্বৰত ফোন কৰিব পাৰিব৷