
নামতিঃ বহিঃৰাজ্যত কর্মৰ সন্ধানত গৈ দুৰ্বৃত্তৰ আক্রমণৰ বলি হোৱা শিৱসাগৰ জিলাৰ নামতি পথাৰ বামুণবাৰী ডিম্বেশ্বৰ বৰা নামৰ ব্যক্তিজন প্রায় এমাহৰ পাছত ওলালহি নিজা ঘৰখন। উল্লেখ্য যে, অভাৱগ্ৰস্ত পিতৃ-মাতৃ, পত্নী আৰু তিনিটিকৈ সন্তানেৰে ভৰা পৰিয়ালটোক অলপ আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে দুজন সতীর্থৰ সৈতে চলিত বর্ষৰ ১১ আগষ্টত বাংগালোৰলৈ যাত্রা আৰম্ভ কৰিছিল।
কিন্তু বাংগালোৰ গৈ পোৱাৰ আগতেই চেন্নাইৰে এটা সৰু ৰেল ষ্টেচনত লগৰীয়াৰ বাবে পানী আনিবলৈ নামোতে দুৰ্বৃত্তৰ কবলত পৰিল ডিম্বেশ্বৰ বৰা। কেইবাজনো অচিনাকি লোকে সোধ-পোচ কৰি ডিম্বেশ্বৰক গবা মাৰি ধৰি থোৱাৰ সময়তে নিৰ্দিষ্ট ৰেলখনে ষ্টেচন এৰিলে। তাৰ পাছত সংজ্ঞাহীন ডিম্বেশ্বৰৰ অজ্ঞাত যাত্ৰা। ১৮ আগষ্টৰ দিনা স্থানীয় আমগুৰি আৰক্ষীয়ে পৰিয়ালৰ লোকক থানালৈ মাতি চেন্নাই আৰক্ষীয়ে পথোৱা এখন ফটো চিনাক্ত কৰিবলৈ দি জনায় যে, কোনো দুৰ্বত্তই ডিম্বশ্বৰৰ ডিঙি কটিছে।
আনহাতে, আৰক্ষীৰ তথ্যৰ ভিত্তিত এটা নিৰ্দিষ্ট মোবাইল নম্বৰত যোগাযোগ কৰাত পাছদিনা Stently Govt Hospital নামৰ এখন চিকিৎসালয়ত লোকজন চিকিৎসাধীন হৈ আছে বুলি জনায় যদিও আন কোনো তথ্য জনোৱাৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষ। এই পৰিপ্ৰেক্ষিতত পৰিয়ালৰ লোকৰ সন্দেহ উপজাত শিৱসাগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সতে যোগাযোগ কৰে যদিও তেওঁলোকৰ পৰা কোনো সুদোত্তৰ নাপায়। পৰৱৰ্তী সময়ত সেই চিকিৎসালয়ৰ সতে যোগাযোগ কৰাত ডিম্বেশ্বৰ তাৰপৰা পলাই যোৱা বুলি জানিবলৈ দিয়ে। এনেদৰে সুদীৰ্ঘ এটা মাহ দুদোল্যমান অৱস্থাৰ মাজেৰে পাৰ কৰে ডিম্বেশ্বৰৰ পৰিয়ালে।
ইফালে ডিম্বেশ্বৰ বৰাৰ ভাষ্য অনুযায়ী জ্ঞান ঘূৰাই পোৱা সময়ত চিকিৎসালয় সদৃশ এটা কোঠাৰ বিচনাত হাত ভৰি বন্ধা, ডিঙিৰ তলফালে কটাৰ উপৰিও দেহৰ বিভিন্ন স্থানত আঘাতসহ উলংগ অৱস্থাত নিজকে আৱিষ্কাৰ কৰিছিল তেওঁ। সেই সময়ত তেওঁৰ দেহৰ পৰা তেজ উলিয়াই নি থকা হৈছিল।
পৰৱর্তী সময়ত তেওঁৰ এটা ভৰিৰ এক্সৰে কৰা, পাছদিনা সুস্থ ভৰিটোকে নাৰ্চ, ডক্তৰে কাটিবৰ বাবে আলোচনা কৰি থকা শুনি নিশাই চিকিৎসালয় খনৰ এটা সুৰংগইদি পলাই আহিল ডিম্বেশ্বৰ। তাৰ পাছত "চেন্নাই একমো" নামৰ এটা ষ্টেচনত ডিঙি আৰু দেহৰ বিভিন্ন স্থানৰ কেচা ঘাবোৰ অলপ শুকুৱাৰ পাছত পুনৰ ৰেলেৰে কলকতাৰ হাওড়ালৈ যাত্রা কৰে৷
হাওড়াত কিছুদিন কটোৱাৰ পাছত অৱশেষত ১২ চেপ্তেম্বৰত কামৰূপ এক্সপ্ৰেছ যোগে হাওড়াৰ পৰা নামতিৰ বামুণবাৰী নিজা ঘৰত উপস্থিত হ'লহি। এমাহ জুৰি নিৰুদ্দিষ্ট এই ব্যক্তিজন দুৰ্বত্তই হাতৰ টকা, ম'বাইল ফোন আনকি গাৰ কাপোৰযোৰো আজুৰি নিয়াৰ পাছত বন্ধু আৰু পৰিয়ালৰ সতে যোগাযোগ নোহোৱাকৈ এটা মাহ অজ্ঞাতবাসত কটাই নিজ ঘৰলৈ মানুহজন ঘূৰি অহাত পৰিয়ালৰ লগতে আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ।
ইতিমধ্যে পৰিয়ালৰ লোকে ডিম্বশ্বৰ বৰা ঘৰলৈ ঘূৰি অহাৰ সন্দৰ্ভত স্থানীয় আমগুৰি আৰক্ষীক অৱগত কৰাৰ লগতে আৰু চিকিৎসালয়লৈ লৈ গৈছে। কোৱা বাহুল্য যে, আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানতহে উন্মোচিত হ'ব এই সমগ্র ঘটনাৰ প্ৰকৃত তথ্য।