
ডিজিটেল ডেস্কঃ ভৰপক খেতিৰ বতৰত হাল জুৰিবলৈ নাই বলধ, এতেকে দুই ফুলকুমলীয়া জীয়ৰীকে যুঁৱলি টানিবলৈ লগাইছে নিৰুপায় পিতৃয়ে। এই হৃদয়বিদাৰক ঘটনা মধ্যপ্ৰদেশৰ।
পেট প্ৰৱৰ্তন কৰিবলৈ পথাৰত শইচ উতপাদনৰ বাবে চেষ্টা চলাই জন্মদাতাই বলধ হিচাপে ব্যৱহাৰ কৰিছে দুই কন্যাক।
বিজেপি শাসিত মধ্যপ্ৰদেশৰ ছেহৰ জিলাৰ বসন্ত পাংগ্ৰি নামৰ গাঁৱখনৰ খেতিয়ক চৰ্দাৰ বেৰেলাৰ নাই গৰু। পিছে বলধ নাথাকিলেও খেতি কৰিবই লাগিব কৃষকজনে।
এতেকে তেওঁ গৰু হৈ যুঁৱলি টনাৰ কামত লগাইছে কন্যা কুন্তী আৰু ৰাধাক। পিতৃৰ কষ্ট বুজি এতিয়া পথাৰত হাল টানিছে দুই কিশেৰীয়ে। এইদৰেই কৃষকজনে চহাইছে কেবাডৰাও মাটি।
কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত আৰম্ভ হৈছিল কৃষক বিদ্ৰোহৰ উকমুকনি। যাৰ বাবে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৫জন খেতিয়কে।
এতিয়া মুখ্যমন্ত্ৰীৰ গৃহ জিলাত কিশোৰীয়ে হাল টনাৰ পিছত থৰ-কাছুটি হেৰাইছে প্ৰশাসনৰ।খেতিয়কজনৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে প্ৰশাসনৰ বৰমূৰীয়াক।