ধিংঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বাট-পথৰ দুৰৱস্থাই ব্যাপক সমস্যাত পেলাই আহিছে ৰাইজক৷ এজাক বৰষুণতে বাট-পথত পানী জমা হৈ বোকাৰ সৃষ্টি হৈ আহ-যাহত হাহাকাৰ কৰিবলগীয়া হয় জিলা খনৰ লোকসকলে৷ নগাঁও জিলাৰ গড়কাপ্তানি বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলতেই জিলা খনৰ বাট-পথৰ এনে অৱস্থা হোৱা বুলি ব্যাপক অভিযোগ উত্থাপন হৈছে৷

নগাঁও জিলাৰ গড়কাপ্তানি পথ সমূহ মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ লগতে একাংশ পথ বিভাগটোৱে নিৰ্মাণ কৰিছে যদিও কিছু দিনৰ পিছতেই শোচনীয় হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ বহু পথ নিৰ্মাণ কাৰ্যৰ বাবে বান্ধি দিয়া নিৰ্ধাৰিত সময় ওকলি যোৱাৰ পিছতো নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব পৰা নাই ঠিকাদাৰে৷ নগাঁও জিলা ইনফৰমেশ্যন ফৰামৰ সভাপতি তথা ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি নৰেন্দ্ৰ প্ৰকাশ চৌহানে তথ্যজনাৰ অধিকাৰ আইনৰ জৰিয়তে নগাঁও জিলাত পথ নিৰ্মাণৰ সমস্ত তথ্য বাহিৰ কৰে৷

ইয়াৰ পিচতে সংবাদ মাধ্যমৰ তৰফৰ পৰা চলোৱা চৰজমিন অনুসন্ধানত পথ নিৰ্মাণত সংঘটিত হোৱা ব্যপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহে৷ তথ্যমতে নগাঁও বাৰপূজীয়া পথৰ পৰা জামুগুৰিলৈ ফখৰুদ্দিন আলী আহমেদ পথ পকীকৰণ আঁচনিৰ অধীনত পথ নিৰ্মাণৰ নামত চৰকাৰী ধন আবন্টন কৰা হৈছিল। কিন্তু পথটো নিৰ্মাণৰ কিছৗু দিন পাছতেই পথটো জহি-খহি যোৱাত পথটো নিৰ্মাণত ব্যৱহৃত চি চি ব্লক নিম্নমানৰ হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

ইপিনে, ভকতগাঁও বজাৰ হৈ ভকতগাঁও চাৰিআলিৰ পৰা টকৌবাৰী চাৰিআলি, শিঙিয়াৰ পৰা দ’গাঁও, ঢাকাইবস্তি গড়কাপ্তানি পথৰ পৰা ডুমডুমীয়া আদি বহু কেইটা পথৰ কাম ২০১৬ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহতে শেষ হ’ব লাগিছিল যদিও বৰ্তমানেও শেষ নোহোৱাত পথসমূহ নিৰ্মাণত দূৰ্নীতি সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় বাসিন্দাই৷ আনহাতে ২০১৪-১৫ বিত্তীয় বৰ্ষত বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পহুকটা-নসত্ৰ পথটো মেৰামতিৰ বাবে ২১ লাখ টকা আবন্টিত হৈছিল যদিও পথটোৰ কোনো বিশেষ মেৰামতি নকৰাত জৰাজীৰ্ণ পথটোৱে অঞ্চলবৈসীক এতিয়াও জীয়াতু ভূগোৱা পৰিলক্ষৗিত হৈছে৷

একেদৰে ২০১৪-১৫ বিত্তীয় বৰ্ষত বৰদোৱা-বাৰোৱাটি পথৰ মেৰামতিৰ বাবে ২০ লাখ আৰু ধিং চাৰিআলিৰ পৰা ৰেলগেট পৰ্যন্ত পথচোৱা মেৰামতিৰ বাবে ১৮ লাখ টকা আবণ্টন দিয়া হৈছিল৷ কিন্তু পথ দুটা মেৰামতি কৰাৰ পাছতেই পুনৰ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে৷ কেৱল এই পথকেইটাৰ ক্ষেত্ৰতে নহয় ধিং পেপাৰ মিলৰ পৰা লহকৰ আদৰ্শগাঁও পৰ্যন্ত এই পথচোৱা নিৰ্মাণৰ বাবে ২০১৫-১৬ বৰ্ষত ৫০ লাখ টকা আবন্টিত হৈছিল।

কিন্তু লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য কৰি থকাত বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য বিভাগীয় ঠিকাদাৰে সমাপ্ত কৰিব পৰা নাই। একেদৰে ডিমৌ-ৰাইদঙীয়া পথৰ নিৰ্মাণৰ বাবেও ৫০ লাখ টকা আবন্টন হৈছিল যদিও এই পথৰ নিৰ্মাণ কাৰ্যও দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নহোৱাত অঞ্চলবাসীৰ আৰু দল-সংগঠনসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বাধ্য হৈ পৰিছে৷ নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হোৱা আৰু মেৰামতি হোৱা বহু পথৰ কাম বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই। ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিছে নগঞা ৰাইজে।

ইপিনে পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা প্ৰসংগত গড়কাপ্তানি বিভাগ বা সংশ্লিষ্ট ঠিকাদাৰক সুধিলে শিল-বালি আদি পথ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ নাটনিৰ বাবে পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা বুলি দায় সৰা মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

কিন্তু ইয়াৰ বিপৰীতে চৰজমিন অনুসন্ধানত লাভ কৰা তথ্য অনুযায়ী এজন ঠিকাদাৰে একাধিক কামৰ ঠিকা লোৱা বাবে সময়মতে কাম সমূহ সম্পূৰ্ণ কৰিব নোৱাৰাৰ কথা হে পোহৰলৈ আহিছে। নগাঁও জিলাত পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত এনেধৰণৰ অনিয়ম তথা গাফিলতিৰ ক্ষেত্ৰত বিভাগীয় শীৰ্ষ কৰ্তৃপক্ষ তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক দৃঢ় আৰু কঠোৰ স্থিতি গ্ৰহণৰ দাবী জনাইছে নগঞা ৰাইজে।