17
May
2019

লখিমপুৰঃ শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিনটোত শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ বিষয়ববিয়াৰ লগতে সদস্য সকল উপস্থিত থাকে এই অনুষ্ঠানটিত৷
শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটো বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰি মাল্ল্যৰ্পন কৰে সকলো সদস্যই।
পৰাগ কুমাৰ দাসৰ মৃত্যুৰ ২৩ টা বছৰ উকলিল কিন্তু আজিও ধৰা নপৰিল হত্যাকাৰী। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ বিষয়ে বিতংভাৱে আলোচনা কৰে লগতে অসমৰ শ্বহীদ সাংবাদিক সকলৰ বিষয়েও আলোচনা কৰে।