
চিচিবৰগাঁওঃ ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ মালিনীপুৰ গাঁও পঞ্চায়তত ইন্দিৰা আৱাস যোজনা গৃহ আৱন্টনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰ মাজতে আজি প্ৰকল্প সঞ্চালকক তদন্তৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তই৷
আই এ ৱাই গৃহৰ কেলেংকাৰীৰ তদন্ত কৰি অভিযুক্তক শাস্তি প্ৰদানৰ বাবে উপায়ুক্তই প্ৰকল্প সঞ্চালকক নিৰ্দেশ দিয়াৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে প্ৰশাসনক কৃতজ্ঞতা জনায় সংগঠন দুটাই৷
সংগঠন দুটাই তথা ৰাইজে দীৰ্ঘদিনৰ পৰা লগতে চিচিবৰগাঁও উন্নয়ন খণ্ডৰ মালিনীপুৰ গাঁও পঞ্চায়তত ইন্দিৰা আৱাস যোজনা গৃহ আৱন্টনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপন কৰি আহিছিল৷ আজি পঞ্চায়তখনত আই এ ৱাই গৃহৰ নামত ধনৰ লেনদেন কৰাসকলক শাস্তি প্ৰদানৰ বাবে চিলাপথাৰ থানাত সংগঠনটোৰ দুটাই এখন এজাহাৰো দাখিল কৰে।
সংগঠনটোৰ নেতা গিৰীশ শইকীয়াৰ বিৰুদ্ধে ১২ দিনৰ পিছত মাদুৰী পথাৰ ডাকঘৰৰ কৰ্মচাৰীয়ে ষড়যন্ত্ৰমূলকভাৱে ডাকঘৰ লণ্ড-ভণ্ড কৰাৰ লগতে ডেৰ লাখ টকা দাবী কৰাৰ অভিযোগ তুলি পুনৰ গোচৰ তৰা বুলি সংগঠনটোৱে প্ৰকাশ কৰি এনে কাণ্ডক তীব্ৰ গৰিহণা দিয়ে।
কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাদুৰী পথাৰ ডাকঘৰৰ কৰ্মচাৰীয়ে তেওঁলোকৰ নেতাৰ বিৰুদ্ধে ভুৱা গোচৰ তৰা বুলি অভিযোগ উত্থাপন কৰি ধেমাজি জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।