newsnextone.com | ওদালগুৰিঃ গ্ৰাম্য এলেকাৰ যোগাযোগৰ অন্যতম মাধ্যম হৈছে ডাক সেৱা৷ গ্ৰাম্য এলেকাৰ ডাকসেৱা জীয়াই ৰখা আৰু ৰাইজক সেৱা কৰি অহা ভাৰতীয় ডাক সেৱাক লৈ কিমান সচেতন কেন্দ্ৰীয় চৰকাৰ৷ অসমৰ গ্ৰাম্য এলেকাৰ একংশ ডাক ঘৰ প্ৰত্যক্ষ কৰিলেই অসমৰ ডাকসেৱাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে৷

ডাক ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে এটিএম পৰ্যন্ত সংলগ্ন কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাক ডিজিটেল কৰাৰ বাবে বাৰে বাৰে কৈ আহিছে যদিও সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হয়৷ সমগ্ৰ ভাৰত বৰ্ষৰ যোগাযোগ ব্যৱস্থাক ডিজিটেল কৰাৰ সময়তে জৰাজীৰ্ণ গৃহত গোহালিসদৃশ পৰিৱেশৰ মাজত চলি আছে ওদালগুৰি জিলাখনৰ হৰিশিঙাত৷ হৰিশিঙা উপ-ডাকঘৰ কাৰ্যালয় গোহালি সদৃশ গৃহত চলি থকা পৰিলক্ষিত হয়৷ 

কাৰ্যালয়টোৰ গৃহত নাই এখনো পকী দেৱাল। ফলত ১৯৫০ চনতে স্থাপন কৰা ডাকঘৰ গৃহটোত বৰ্তমান অৱস্থা কদৰ্যময় হৈ পৰা পৰিলক্ষিত হৈছে। উপ-ডাকঘৰটোৰ প্ৰতিখন দেৱালত বৃহৎ ফাট মেলাৰ লগতে পিছফালে থকা তাৰৰ ফেঞ্চিংসমূহতো প্ৰকাণ্ড ফুটা থকা পৰিলক্ষিত হয়। যিবোৰৰ মাজেৰে অতি সহজে কোনো লোক ভিতৰত প্ৰৱেশ কৰিব পাৰে। 

এনে জৰাজীৰ্ণ অৱস্থাৰ সুযোগ লৈ পূৰ্ৱে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছে উপ-ডাকঘৰটোত। চোৰে লুটি নিছিল ডাকঘৰটোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসহ নগদ ধন। দৰং জিলাৰ মঙলদৈ প্ৰধান ডাকঘৰৰ অধীনত থকা হৰিশিঙা ষ্টেচন ব্লকত অৱস্থিত উপ-ডাকঘৰটোত আছে এগৰাকী উপ-পোষ্টমাষ্টৰ। ইয়াৰ লগতে দুজন গ্ৰামীণ ডাকসেৱক অস্থায়ীভাৱে কৰ্মৰত অৱস্থাত আছে। 

দৈনিক প্ৰায় কেইবা লক্ষাধিক টকাৰ লেনদেন হোৱা এই ডাকঘৰটোত ধন সুৰক্ষিত কৰি ৰখাৰ বাবে এটাও লকাৰ নাই বুলি কৰ্তৃপক্ষই সাংবাদিকক জানিবলৈ দিয়ে। ফলত ডাকঘৰটোত অধিক ধন জমা ডাকঘৰ কৰ্তৃপক্ষই কৰ্তৃপক্ষক এই বিষয়ে জনাই আৰু তেওঁলোক আহি ধনখিনি লৈ যায়। ইফালে উপ-ডাকঘৰটোত নাই শৌচ-প্ৰস্ৰাৱগাৰৰ সু-ব্যৱস্থা। নাই মহিলাসকলৰ বাবে শৌচ-প্ৰস্ৰাৱগাৰ। এটি প্ৰস্ৰাৱগাৰ আছে যদিও তাৰ অৱস্থাও শোচনীয়। 

মহিলাসকলৰ বাবে ব্যৱহাৰোপযোগী নহয় সেই প্ৰস্ৰাৱগাৰ। ইফালে ডাকঘৰটোত ধন জমা ৰাখিবলৈ অহা গ্ৰাহকসকলে কৰা অভিযোগ মতে ডাকঘৰটোত উপযুক্ত সুৰক্ষা ব্যৱস্থা নথকা বাবে তেওঁলোকে টকাসমূহ জমা কৰিবলৈ শংকা কৰে। লগতে কয় যে পূৰ্বেও বহুবাৰ চুৰি কাণ্ড সংঘটিত হোৱা হৰিশিঙা ডাকঘৰত আজিলৈ প্ৰদান কৰা নাই উপযুক্ত নিৰাপত্তা ব্যৱস্থা। ফলত নিজৰ কষ্টোপাৰ্জিত ধন জমা থবলৈ আহি স্বাভাৱিকতে ভয় শংকাত পৰে গ্ৰাহকসকল।

উল্লেখ্য যে, হৰিশিঙা উপ-ডাকঘৰটোৰ অন্তৰ্গত অম্বাগাঁও, বড়িগাঁও, বাতাকুছি, হৰিশিঙা, ১নং আমজুলি, সস্ত্ৰপাৰা, তামুলবাৰী ইত্যাদি সাতটাকৈ শাখা ডাকঘৰ আছে। বৃহত্তৰ হৰিশিঙা অঞ্চলবাসীৰ আশাস্বৰূপ হৰিশিঙা উপ-ডাকঘৰটোৰ উপযুক্ত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অঞ্চলবাসী তথা গ্ৰাহকসকলে বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে।