
বিশ্বনাথঃ মঙলবাৰে অসমৰ বাগিচাই বাগিচাই জ্বলিব শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিমূৰ্ত্তি। চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীত্ব লাভ কৰাৰ পিছতো নিজ জনগোষ্ঠীৰ খাতি খোৱা দৰিদ্ৰ শ্ৰমিকৰ সমস্যাক আওকাণ কৰি অহাত মঙলবাৰে ক্ষোভিত চাহ শ্ৰমিকে জ্বলাব মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্ত্তি। বিগত বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিকক বিভিন্ন প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি মন্ত্ৰী হোৱা পল্লবে এতিয়া ঘুৰিকে নাচায় নিজ জনগোষ্ঠীৰ লোকক। এই অভিযোগ জনগোষ্ঠীটোৰ একাংশ ছাত্ৰনেতাৰ।
চাহ শ্ৰমিকক নিজ অধিকাৰৰ পৰা বঞ্চিত তথা অসমত অধিকাৰ সৰ্ব হৈ অহাৰ অভিযোগ বহু দিনীয়া৷ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলক প্ৰতিখন চৰকাৰে বঞ্চিত কৰি আহিছে৷ লাঞ্চিত চাহ শ্ৰমিক তথা একাংশ লোকে আজিও কামৰ বিনিময়ত মৰ্যদা নোপোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে চাহ শ্ৰমিকে। পুঁজিপতিৰ হাতোৰাত বন্দী চাহ শ্ৰমিকৰ স্বাধীনতা বুলিও কলেও ভুল কৈ কোৱা নহ’ব৷
চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবী জনাই আহিছে নেতাসকলে। ৩৫০ টকা মজুৰি দিয়াৰ দাবীত আন্দোলন শক্তিশালী কৰিবলৈ আহ্বান জনায় আৰু অহা ২০ ফেব্ৰুৱাৰীত বাগিচাই বাগিচাই শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ আৰু ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিব।