-
অৱশেষত শিলচৰত অসমীয়া ছাত্ৰৰ শিক্ষা নিষিদ্ধ কৰাৰ হুংকাৰ দিয়া বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ক বিজেপি দলে বহিস্কাৰ কৰিবলৈ বাধ্য হ’ল
-
সাম্প্ৰদায়িক মন্তব্যৰে অসমীয়া আৰু বঙালীৰ মাজত বিভাজন সৃষ্টি কৰিব বিছাৰিছিল প্ৰদীপ দত্ত ৰায়ে
-
বিশ্ববিদ্যালয়ত ধৰ্না-প্ৰতিবাদ কৰা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক শিলচৰ বিশ্ববিদ্যালয়ত পঢিবলৈ দিয়া নহ’ব বুলি ছাত্ৰ-ছাত্ৰীসকলক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল

গুৱাহাটীঃ অবশেষত শিলচৰত অসমীয়া ছাত্ৰৰ শিক্ষা নিষিদ্ধ কৰাৰ হুংকাৰ দিয়া বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ক বিজেপি দলে বহিস্কাৰ কৰিবলৈ বাধ্য হয়। উল্লেকযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে সাম্প্ৰদায়িক মন্তব্যৰে অসমীয়া আৰু বঙালীৰ মাজত বিভাজন সৃষ্টি কৰিব বিছাৰিছিল প্ৰদীপ দত্ত ৰায়ে।
‘দলৰ নীতি আৰু স্থিতিৰ বিৰূদ্ধে অৱস্থান গ্ৰহণ কৰা আৰু দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত’ বিতৰ্কিত নেতাজনক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পৰা বৰ্খাস্ত কৰা বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশমৰ্মে অসম বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে গেৰুৱা দলতোৱে আজি এই নিৰ্দেশ জাৰী কৰে। তৎকালীনভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে বৰ্খাস্তৰ নিৰ্দেশ৷
উল্লেখযোগ্য যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰূদ্ধে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ একাংশ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ৯ জানুৱাৰীত মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। অসমীয়া ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদৰ পিচতেই স্থানীয় বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে শিলচৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিৰূদ্ধে সৰৱ হৈ পৰাৰ লগতে বিশ্ববিদ্যালয়ত ধৰ্না-প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক শিলচৰ বিশ্ববিদ্যালয়ত পঢিবলৈ দিয়া নহ’ব বুলি ছাত্ৰ-ছাত্ৰীসকলক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল। দত্তৰয়ৰ এই মন্তব্যৰ বাবে সমগ্ৰ ৰাজ্যতে খিলঞ্জীয়া অসমীয়াৰ ক্ষোভ দুগুণে বৃদ্ধি পোৱাৰ লগতে অসমৰ ঠায়ে ঠায়ে বিতৰ্কিত নেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাত স্বাভাৱিকতে বিজেপি দলতো অশ্বস্তিত পৰা পৰিলক্ষিত হৈছিল৷