
newsnextone.com | ৰঙিয়াঃ ৰাষ্ট্ৰীয় দলৰ নেতাসকলে অসমৰ সমস্যা সমাধান কৰিবলৈ অসমলৈ নাহে৷ নিজৰ মুখখন দেখুৱাবলৈহে অসমলৈ আহে। সংবাদমাধ্যমত দিয়া কথা কেইটাক চাবলৈ আমি টিভিৰ ওচৰত বহি থাকো। ইয়াৰ পিচতে আমাৰ মাজত আন্দোলন প্ৰতিবাদ। আমি অসমৰ ৰাইজে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ এনে ৰাজনৈতিক চিন্তা বুজা দৰকাৰ৷ ৰঙিয়াৰ সমীপৰ তুলসীবাৰী মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত ৰঙিয়া জিলা যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত উপস্থিত থাকি অগপ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য আগবঢ়ায়৷
অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজনীতি কৰি অসমৰ সকলো ধৰ্মৰ মাজত থকা মিলাপ্ৰীত ধ্বংস কৰিবলৈ ওলাইছে এনে কাম অগপই কেতিয়াও কৰিবলৈ নিদিয়ে বুলি কয়। ইতিমধ্য অসমৰ মানুহে জল জল পতপতকৈ বিজেপিৰ এনে ৰাজনীতিৰ কথা বুজিব পাৰিছে বুলিও কয় মহন্তই।
বাংলাদেশত বসবাস কৰা সকলো হিন্দু জনসাধাৰণ শান্তিৰে বাস কৰি থকা বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ পৰিষদক সাংগঠনিক কামকাজ শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়৷ অসম যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি শুভৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত অগপৰ সভাপতি তথা জলসিঞ্চন মন্ত্ৰী অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কৰণতে গৃহীত হবলৈ দিয়া নহ’ব বুলি কয়।
অগপৰ কোনো সাংসদ নাই যদিও ইতিমধ্যে অসম গণ পৰিষদে কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিয়া বুলি কৈ কোনো কাৰণতে বিধেয়ক গৃহীত হ’ব নোৱাৰে বুলি কয়। যদি বিধেয়ক গৃহিত কৰে তেতিয়ালে অসমৰ ৰাইজে কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টিক ক্ষেমা নকৰে বুলি কয় বৰাই। সভাত অগপৰ কাৰ্যকাৰী সভাপতি তথা জল সম্পদ ন্ত্ৰী কেশৱ মহন্ত, অগপ দলৰ উপ-সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, অসম যুৱ পৰিষদৰ সভাপতি সুনিল ডেকা, ৰঙিয়া সমষ্টিৰ প্ৰক্তন বিধাায়ক অনন্ত ডেকাৰ লগতে অগপ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।