গোৰেশ্বৰঃ বোপা ! তোৰ মুখলৈকে পৰম আশাৰে চাই আছোঁ...
ভৰষাৰ থলী আন আৰু কোনো নাই
কিমান মৰমৰ তই আমাৰ
কিমান আতোলতোলকৈ তোক তুলিছো...
পৰুৱাই খাবলৈ দিয়া নাই, চিলনীয়ে থপিয়াবলৈ দিয়া নাই..
সকলোৱে হাঁহিছিল তোক জংঘলী জনজাতি বুলি...

বোপা,
মাৰ বান্ধি আমি কৈছোঁ
তই মানুহ...
আমাৰ আটাইতকৈ চেনেহৰ সৰল পুতাই...
বোপা,
আমাৰ গাঁৱৰ বাটবোৰ বানে খান্দিছে,
পুঠি-খলিহনা দুই এটা খাইছোঁ।
আমাৰ গাঁৱৰ বাটবোৰ
ঠিকাদাৰ-ইঞ্জিনীয়াৰ-নেতাই খাল খান্দি ঘঁৰিয়াল চপাইছে..!
বহুদিন ক’লৈকো যাব পৰা নাই বোপা,
ঘাঁহ ভৰা বোকাৰ বাটবোৰ দিব পাৰিবি ওভতাই?
যিবোৰত শিপা গজে মানুহৰ…
যি বাটেদি থৈলা লৈ পঢ়াশালিলৈ গৈছিলি তই…
বোপা, তই যে কৈছিলি!
টকৌ পাতৰ ঘৰটো গুচাই এটি পকী ঘৰ দিবি,
সেই ঘৰটো নেতা এজনে নিজৰ নামত নি চহৰত সাজিলে দালান..!
স্কুলখনো গোহালি হ’ল
মাষ্টৰে দৰমহা নাপায়..!

বোপা,
পানীখোৱা পুখুৰীত তেল ওলাল
ক’ম্পেনীয়ে দেৱালেৰে ঘেৰিলে
খাবলৈ পানীটুপি নাই,
সোৱণশিৰীখনো সোণৰ দুৱাৰেৰে ভেটিব খুজিছে ৰজাই...
নদীখন হত্যা নকৰিবি বোপাই..!
বিএ পাছ কৰা ল’ৰাটোৰ চাকৰি নাই...
ৰাতি ৰাতি ঘৰলৈ নহা হ’ল!
নহা হ’ল মানে, দেখাদেখিয়েই নাই...
মানৰ দেশত বুকুত বাৰুদ বান্ধি আছে বুলি ক’লে কোনোবাই
তাক ঘৰলৈ ঘুৰাই আনি দে বোপাই,
সিতো তোৰেই সৰু ভাই..!

ছোৱালীকণে চহৰৰ অফিচত কিবাকিবি কৰে,
কি কৰে নাজানো!
বু-বু-বা-বা শুনো,
দেৰিকৈ উভতিলেও..বা উভতি নাহিলেও একো এটা ক’ব নোৱাৰোঁ,
আমাৰ গণতন্ত্ৰইতো চৰিত্ৰ নষ্ট কৰিবলৈ শিকায়..!

বোপা,
সীমাৰ সিপাৰৰ পৰা ৰাতি গুলিবোৰ আহে...
ওচৰৰ দুই এটা ঘৰ সদায় জ্বলে…
তই ক’লে জানোচা সিহঁতে নুগুলিয়ায়..!
ঘৰবোৰ নজ্বলায়…
তয়ে আমাৰ শেষ ভৰষা,
তই হে ঘৰৰ ল’ৰা !
বাকীবোৰ পৰ যেন হ’ল
দেশখন লুটি খায়।

বোপা,
তোৰ লাৱনি হাঁহিভৰা সৰল মুখখনিলৈ চাই
লঘোণত থাকিলেও ভাল লাগি যায় ।
তই যে কৈছিলি,
দেশখন আমাৰ নিজৰে ভূমিপুত্ৰৰ হ’ব,
বাহিৰা বণিয়াৰ ইয়াত কাম নাই …
পথাৰবোৰ পথাৰ হৈ থাকিব,
নদীবোৰ নদীৰ দৰে বৈ থাকিব …
জন্তু-জানোৱাৰবোৰ জংঘলত ঘূৰি ফুৰিব,
বেদখল নচলিব…!
পেটত কোনেও গামোচা বান্ধিব নালাগিব…!
আনৰ কাঢ়ি আনে নোৱাৰিব খাব…!
সকলোৰে একেটি জাত...

ইমান সুৰীয়া মাতৰ মাজতো
একেটি সুৱদি মাত…

বৰ আশাৰে সেই দিনলৈ ৰৈ আছো
বজাৰত বিক্ৰী হৈ থকা দেশখনক চাই থাকিবলৈ
সাহে নুকুলায়…
দেশখন বচাবলৈ তই পাৰিবি,
তই পাৰিবি বোপাই
ক পাৰিবি নে নাই??..

এই কবিতাটো লিখিছিল ৰাজ্যৰ যুৱ প্ৰজন্মৰ অন্যতম প্ৰিয় কৰি প্ৰণৱ কুমাৰ বৰ্মণে৷ ২৭ মাহ পূৰ্বে লিখা কবিতাটো নিশাৰ ভিতৰতে অসমৰ গাঁৱে-ভুঞে  ভাইৰেল হৈ পৰিছিল৷ কবিতা প্ৰকাশ হোৱা বৰ্ষ অৰ্থাৎ ২০১৬ চনত অসমত বলিছিল পৰিৱৰ্তনৰ বতাহ৷ নিৰ্বাচনৰ গৰম বতাহত হোৱাটছএপ, ফেচবুক তথা ছচিয়েল মিডিয়াত উৰি ফুৰিছিল কবিতাটোৱে৷

মানুহে পৰিৱৰ্তনৰ আশাৰে চাইছিল এতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মুখলৈ৷ ৰাজ্যৰ থলুৱা জনসাধৰণে কৰাৰ দৰে হয়তো যুৱ প্ৰজন্মৰ আপোন কবি প্ৰণৱ কুমাৰ বৰ্মণেও অসমলৈ পৰিৱৰ্তন আহক অসম খনৰ উন্নয়ন হওঁক বুলি আশা কৰিছিল৷ এনে এজন মানুহে অসম খনৰ নেতৃত্ব লওক যিগৰাকীয়ে অসমৰ জাতীয় জীৱনৰ সৈতে পৰিচিত লোক৷ যিয়ে অসমৰ আবাল, বৃদ্ধ বনিতাৰ আৰ্তনাদ বুজিব পাৰে৷ যাৰ অসমৰ বোকা পানীৰ সৈতে সম্পৰ্ক আছে৷

অসমৰ ৰাইজে ভবাৰ দৰে সৰ্বানন্দ সোণোৱাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল৷ সময় সলনি হ’ল৷ ৰাইজে আশা কৰিছিল এখন বিদেশী মুক্ত অসম ৰাইজে লাভ কৰিব৷ বিদেশীয়ে তালি-টোপোলা লৈ অসম এৰিব৷ অসমীয়াই আৰু প্ৰতিবাদ কৰিব নালাগিব৷ ৰাজপথ উত্তাল কৰিব নালাগিব৷
অসমীয়াৰ বাবে আকো সেই দিন বোৰ উভতি নাহিব৷ অসমৰ ডেকাই ১৯৮৩ত বিদেশী বহিস্কাৰ আন্দোলন জপিয়াই পৰাৰ ফল নিশ্চয় লাভ কৰিব৷ নিজ মাতৃভূমিৰ হকে আত্ম বলিদান দিয়া শ-শ অসমৰ তেজাল যুৱকৰ আত্মাই শান্তি পাব৷ তেজাল যুৱকৰ তপত তেজেৰে ৰাঙলী হোৱা অসম মাতৃভূমি বিদেশী মুক্ত হ’ব৷

আন্দোলনত স্বতঃস্ফূৰ্তভাৱে জপিয়াই পৰি অসমৰ বিভিন্ন প্ৰান্তৰ শত-সহস্ৰ তেজাল যুৱকে প্ৰাণ বিসৰ্জন দিয়া সেই কথা পাহৰি এতিয়া পাভলুটি মাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিদেশা মুক্ত অসমৰ দাবী কৰা সকলে এতিয়া শাসনলৈ আহি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী নাগৰিক আনি অসমত বহুৱাব বিছাৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহিত কৰি অসমত বিদেশী সংস্থাপন কৰিব বিছাৰিছে৷ যাৰ ফলত অসমত পুৰন আৰম্ভ হৈছে প্ৰবল প্ৰতিবাদ৷ ৰাজ্যৰ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কোনো কাৰণত অসমক কোনো বিদেশীক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিছে দল-সংগঠনে৷

তাৰ মাজতে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে ওলাই আহিছে ঘৰৰ পৰা৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল সাক্ষ্যদান৷ 

তাৰ লগে লগে ২৭ মাহ পূৰ্বে কবিতা লিখি অসমীয়াৰ বাবে বহু আশা কৰা কবি প্ৰণৱ কুমাৰ বৰ্মণে কবলৈ বাধ্য হৈছে সৰ্বানন্দ সোণোৱাল উদ্দেশ্যেৰ পৰা বিচলিত হৈছে৷ ২৭ মাহ পূৰ্বে কবিতা লিখি অসমৰ ৰাইজৰ মনৰ কথা ব্যক্ত কৰা কবি প্ৰণৱ কুমাৰ বৰ্মণে newsnextone.com কয় ‘‘বিধেয়কক লৈ অসমৰ জনসাধৰণে অস্তিত্বৰ সংকটত ভূগিছে৷ ইয়াৰ নেতৃত্ব লব লাগিব অসমৰ শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী শিল্পী সমাজে৷ তেওঁলোকে ওলাই আহক দলে বলে৷ মানুহক বুজাওক, মানুহক সমবেত কৰাওক৷ ৰাস্তালৈ মানুহক উলিয়াই আনক৷ আমি নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি নলও৷’’

ইমানে নহয় কবিগৰাকীয়ে আৰু কয় ‘‘হিন্দু-মুছলমান যিকোনো বাংলাদেশীৰ বোজা লবলৈ আমি অসমীয়াসকল সাজু নহও৷ শিল্পীসকল, সাহিত্যিকসকল, বুদ্ধিজীৱী ওলাই আহক৷ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিয়ে এটা সময়ত জাতীয় সংগঠনৰ নেতৃত্ব লৈ আছিল৷ তেওঁক এটা আহ্বান জনাইছো৷ আগতেও এটা কবিতাৰে আহ্বান জনাইছিলো৷ 

‘‘বোপা !
তোৰ মুখলৈকে পৰম আশাৰে চাই আছোঁ...
ভৰষাৰ থলী আন আৰু কোনো নাই
কিমান মৰমৰ তই আমাৰ
কিমান আতোলতোলকৈ তোক তুলিছো...
পৰুৱাই খাবলৈ দিয়া নাই, চিলনীয়ে থপিয়াবলৈ দিয়া নাই..
সকলোৱে হাঁহিছিল তোক জংঘলী জনজাতি বুলি...

বোপা,
মাৰ বান্ধি আমি কৈছোঁ
তই মানুহ...
আমাৰ আটাইতকৈ চেনেহৰ সৰল পুতাই...’’

কবিতাটো পাঠ কৰি পুনৰ কবিগৰাকীয়ে কয় যে এতিয়া লক্ষ্য কৰা দেখা গৈছে যে সৰ্বানন্দ সোণোৱাল মুল উদ্দেশ্যৰ পৰা বিচলিত হৈছে৷ আমি পুনৰাই আহ্বান জনাইছো নাগৰিকত্ব সংশোধনী বিধেয়কৰ যাতে তেওঁ বিৰোধিতা কৰে আৰু তেওৰ স্থিতি স্পষ্ট কৰে৷ কবিগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰক নিজৰ কবিতাটো আওৰাই পুনৰ আহ্বান জনাই নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰিবলৈ। হিন্দু হওঁক বা মুছলমান কোনো বিদেশীৰে বোজা আৰু অসমত জাপি নিদি অসমীয়াৰ জাতি ৰক্ষা কৰিবলৈ পুনৰ আহ্বান জনাই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক।