গোগামুখঃ ব্যক্তিগত কোম্পানীত কাম কাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈ ১৫ দিনে নিৰুদ্দেশ হৈ আছে এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক৷ ১৫ দিন পুৰ্বে ৰেলেৰে কেৰেলালৈ গৈ থাকোতেই নিৰুদ্দেশ হয় ধেমাজি জিলাৰ গোগামুখৰ সেউজপুৰৰ প্ৰাঞ্জল ডেকা নামৰ যুৱক জন৷ 

যুৱক জনৰ পিতৃ ধন ডেকাই জানিবলৈ দিয়া মতে তেওৰ পুত্ৰই পুৰ্বৰ পৰাই কেৰেলাৰ এটি ব্যক্তিগত কোম্পানীত কাম কৰি আছিল৷ ঘৰলৈ আহি পুনৰাই ১৫ পুৰ্বে কেৰেলালৈ গৈ থাকোতেই নিৰুদ্দেশ হৈছে তেঁওৰ পুত্ৰ। 

গোগামুখ সেউজপুৰ বালিগাঁৱৰ ২৩ বছৰীয়া প্ৰাঞ্জল গা ৰং মাগুৰ বৰণীয়া৷ কোনো ব্যক্তিয়ে প্ৰাঞ্জলৰ সন্ধান পালে 98548-09267 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।