
newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ এগৰাকী মেধাবী ছাত্ৰৰ দুয়োটা বৃক্ক বিকল হৈ পৰাত জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগীয়া হৈছে বুলি জানিব পৰা গৈছে৷ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত অধ্যয়নৰত মেধা ছাত্ৰজনৰ দুয়োটা কিডনী বিকল হৈ পৰাত এতিয়া বিছনাত শুই বহি দিন পাৰ কৰিব লগা হৈছে৷
এই বেলি গড়গাঁও মহাবিদ্যালয়ত স্নাতকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়ে ছাত্ৰজনে৷ নাম তেওঁৰ প্ৰাণজিৎ গগৈ৷ শিৱসাগৰ জিলাৰ নামতিৰ বানমুখ চুতীয়া গাঁৱৰ টুটুল গগৈ আৰু ৰীণা গগৈৰ পুত্ৰ প্ৰাণজিৎ গগৈয়ে গড়গাঁও মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে দুয়োটা কিডনি বিকল হৈ পৰে৷
এমাহ পূৰ্বে তেওঁ হঠাৎ দুৰ্বল হৈ পৰাত পৰিয়ালে চিকিৎসকৰ ওচৰলৈ নিয়াত পৰীক্ষা-নিৰীক্ষা কৰি তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰা বুলি কয় চিকিৎসকে৷ দৰিদ্ৰ পৰিয়ালটোৱে এই খবৰ লাভ কৰি ভাগি পৰে৷ শেহতীয়াকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰাণজিৎ গগৈয়ে ঘৰতে আছে যদিও চিকিৎসকে শীঘ্ৰে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে৷ ইতিমধ্যে মাতৃয়ে এটি নিজৰ বৃক্ক পুত্ৰক দিম বুলি কৈছে যদিও সংৰোপণৰ বাবে প্ৰয়া ৪ লাখ টকাৰ প্ৰয়োজন৷
যাৰ বাবে ছাত্ৰগৰাকীয়ে অসমবাসীৰ সহায় বিচাৰিছে৷ ছাত্ৰ জনৰ বাবে সহায় বিচাৰিলে আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াও৷ শিৱসাগৰ জিলাৰ বানমুখ দৰিদ্ৰ ছাত্ৰজনক চিকিৎসাৰ বাবে কেইবালাখ টকাৰ প্ৰয়োজন হোৱাৰ বাবে ছ’চিয়েল মিডিয়া যোগে আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই সহায়ৰ আহ্বান জনায়৷ শুকুৰবাৰে আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই ছাত্রজনৰ ঘৰত উপস্থিত হৈ অসমবাসী ৰাইজক সহায় কৰিবলৈ আহ্বান জনায়। কোনো সচেতন লোকে ছাত্ৰজনক সহায় কৰিব বিচাৰিলে ৭৬৩৫৮০৪৪৫৯ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে৷