ঢেকীয়াজুলিঃ ঠেলামৰা ৰাজহ চক্ৰৰ নাহৰবাৰীৰ মৌজাদাৰৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা সমাজকৰ্মী প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্যই বুধবাৰে মৃত্যুক আকোৱালি লয়৷

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্যই৷ ভট্টাচাৰ্যৰ মৃত্যুত ঠেলামৰা অঞ্চলত শোকৰ ছাঁ পৰে৷

বৃহস্পতিবাৰে নাহৰবাৰী মৌজাৰ মৌজাদাৰৰ কাৰ্যালয়ত বাসগৃহত অগণন গুনমুগ্ধ সমবেত হৈ তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ আনহাতে ৪ জানুৱাৰী পুৱাৰে পৰা ঠেলামৰা তিনিআলিৰ ব্যৱসায়ীসকলে শ্ৰদ্ধা জনাই সকলো ব্যৱসায়ী প্ৰতিষ্ঠান দুপৰীয়া ১২ বজালৈকে বন্ধ ৰাখে৷