newsnextone.com | পৰ্বতঝোৰা/বিহালীঃ দুই যুৱকৰ হত্যা কাণ্ডই ৰাজ্য উত্তাল হৈ কৰি ৰখাৰ সময়তে অসম-অৰুণাচল সীমান্তত এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আহিছে ৰাইজে৷ কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কাংণ্ঠিলাংছত প্রকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ যোৱা দুই যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম-অৰুণাচল সীমান্তৰ ৰাংছালী কাছকটাবাসীয়ে৷

বুধবাৰে বিহালীৰ ৰাংছালী কাছকটাত নিলোৎপল দাস আৰু অভিজিত নাথৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে৷ অনুষ্ঠানত ৰাংছালী, কাছকটাবাসীৰ লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি সিংহজিত হাজৰিকা, আছুৰ বিহালী আঞ্চলিক সমিতিৰ সভাপতি কুকিল হাজৰিকা, সাংবাদিক দীপক শৰ্মা, আব্দুল বাৰেক উপস্থিত থাকে৷

আনহাতে, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ পাণবাৰীত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বিলাসীপাৰা জিলা সমিতিয়ে পাণবাৰী আঞ্চলিক আমছুৰ সহযোগত বুধবাৰে ৭ বজাত পাণবাৰী বাছ স্থানত ২০১ গছি বন্তি প্ৰজ্বলন কৰি দুয়ো যুৱকক স্মৰণ কৰে৷

নিলোৎপল দাস আৰু অভিজিৎ নাথৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শীঘ্ৰে ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় সংগঠনটোৱে৷