
শিৱসাগৰঃ মাথো কেইটামান ঘণ্টা বাকী অসমীয়া বোলছবি মিছন চাইনা মুক্তি পাবলৈ। ক্ৰমাৎ মৃতপ্ৰায় হ’বলৈ লোৱা অসমীয়া ছবি জগতক জীপাল কৰি তুলিবলৈ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অসমীয়া বোলছবি মিছন চাইনাৰ সফলতাৰ বাবে আজি শিৱসাগৰত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত সেৱা ললে জুবিন অনুৰাগীয়ে।
অসমৰ সাংস্কৃতিক দিশটোৰ উন্নতি সাধন তথা অসমীয়া ভাষা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ মানসেৰে বৃহৎ পৰিমাণৰ পুঁজিৰে নিৰ্মাণ কৰা মিছন চাইনা বোলছবিখন ছবি গৃহত গৈ প্ৰতিজন অসমীয়াই উপভোগ কৰি অসমীয়া বোলছবিৰ জগতখন পুনৰ উজ্জীৱিত কৰি তুলিবলৈ আহ্বান শিৱসাগৰ জুবিন ফেন ক্লাৱে আহ্বান জনায়।
উল্লেখ্য যে, শিৱসাগৰ জুবিন ফেন ক্লাৱে প্ৰতি দেওবাৰে ঠায়ে ঠায়ে গছপুলি ৰোপন কৰাৰ লগতে মিছন চাইনাৰ প্ৰচাৰৰ জৰিয়তে ৰাইজক উৎসাহিত কৰা পৰিলক্ষিত হৈছে। আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পদযাত্ৰা কৰি বৌদ্ধ মঠ, গীৰ্জাঘৰ, মন্দিৰ সকলোতে বোলছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জলায়।