নগাঁওঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰত দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে৷ দুৰ্বৃত্তৰ গুলীত অকালতে প্ৰাণ আহুতি দিয়া ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শনিবাৰে নগাঁৱত এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷

সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নগাঁও জিলা গোটৰ  উদ্যোগত অনুষ্ঠিত প্ৰাৰ্থনা সভাত হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন আদি ধৰ্মৱলম্বী লোক উপস্থিত থাকি সমাজৰ পৰা অসূয়া-অপ্ৰীতি, হিংসা-বিদ্বেষ নাশ কৰিবলৈ প্ৰাৰ্থনা জনায়৷ নগাঁও এলফিনষ্টন বিৱাহ ভৱনত অনুষ্ঠিত হোৱা এই প্ৰাৰ্থনা সভাত বহুলোকে অংশগ্ৰহণ কৰে৷