newsnextone.com | ডিব্ৰুগড়ঃ উজনিত ৩০ ঘণ্টাৰ ভিতৰত ৰেলৰ দবাত অৰ্ধ উলংগ অৱস্থাত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ 

হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ ডিকম টাউনত সদৌ অসম সংখ্যালঘু ছাত্র সন্থাই ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ আত্মাৰ সদ্গতি কামনা আৰু হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত মম প্ৰজ্বলন কৰে৷

সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ ডিকম অাঞ্চলিক সমিতিৰ সভাপতি চাহজাহান অালী অাৰু সাধাৰণ সম্পাদক চমিৰ অাহমেদৰ নেতৃত্বত ৰাধা কুমাৰী অাৰু লালীমাই দেৱীৰ হত্যাকাৰীক সোনকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে ৰাধা অাৰু লালীমাইৰ অাত্মাৰ সদ্গতি কামনা কৰি ডিকম নগৰত ৫০১ গছি বন্তি প্ৰজ্বলন কৰে গভীৰ শোক প্ৰকাশ কৰে৷ কাৰ্যসূচীত ডিকম অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অামছুৰ ডিব্ৰগড় জিলা উপদেষ্টা চফি অালম খান অংগ্ৰহণ কৰে উপস্থিত থাকে৷

উল্লেখ্য যে, ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলা লালীমাই দেৱীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷

প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷