
newsnextone.com | বিলাসীপাৰা/তামুলপুৰঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত পুনৰ লালীমাই নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-চাঞ্চল্য আজিও অব্যাহত আছে৷
তাৰ মাজতে আমছুৱে বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুয়োগৰাকী মহিলাৰ আত্মাৰ সদ্গতি কামনা কৰে৷ শুকুৰবাৰে সন্ধিয়া বিলাসীপাৰা গান্ধী চ’কত বন্তি প্ৰজ্বলন কৰে আমছুৱে৷ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ লৈ বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে কয় যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।
মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰে ক্ষমতা দখল কৰাৰ পিছৰ পৰা ধৰ্ষণ কাৰ্য বৃদ্ধি পাইছে বুলিও কয় আমছু নেতাগৰাকীয়ে। প্ৰতিটো মুহূৰ্ততে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধৰ্ষণ হৈ থকা দেখা গৈছে। আমছুৰ জিলা সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী সোণোৱালক শীঘ্ৰেই মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্য খনত সংঘটিত হৈ থকা ধৰ্ষণ-হত্যাকাণ্ডৰ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
বিলাসীপাৰা জিলা আমছুৰ উপদেষ্টা আবুল কালাম আজাদ, আব্দুল ওহাৱ আৰু আমছুৰ জিলা, আঞ্চলিকৰ নেতা-কৰ্মীসকলে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে৷
আনহাতে, বাক্সা জিলাৰ কাউলীত ছাত্ৰী ৰাধা কুমাৰী আৰু লালীমা দেৱীৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে ৰাইজে। ছাত্ৰী গৰাকীৰ বিদেহী আত্মাৰ সদ্গিতি কামনা কৰি শুকুৰবাৰে সন্ধিয়া কাউলি বজাৰ প্ৰাংগণত ৰাইজে কে এন পি দলৰ উদ্যোগত বন্তি প্ৰজ্বলন আৰু শোক সভা অনুষ্ঠিত কৰে৷