ৰঙিয়াঃ বানপানীৰ কবলত পৰি ককবকাই থকা ৰাজ্যবাসীয়ে এতিয়া বৰষুণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ দিন পাছত দিন ধৰি বৰষুণ নিদিয়াৰ ফলত খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ কৃষক৷

পথাৰত ছিৰাল ফাট আৰু কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হোৱাত মূৰে-কপালে হাত দিছে ৰাজ্যৰ কৃষকে৷ বছৰি খেতি পথাৰত পানী যোগান ধৰাৰ নামত কোটি কোটি টকা খৰছ কৰা বিয়াগোম জলসিঞ্চন বিভাগে কৃষকক এটুপিও পানী ধৰিব নোৱাৰাৰ ফলত বৰষুণৰ বাবে ভগৱানক কাকুতি-মিনতি কৰিব লগা হৈছে৷

দুদিন পূৰ্বে বাক্সা জিলাৰ গোৰেশ্বৰত ৰাইজে ভেকুলীৰ বিয়া পাতি বৰষুণৰ কামনা কৰাৰ পাছত আজি ৰঙিয়াত আই-মাতৃসকলে নাম প্ৰসংগ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চলত খেতিপথাৰত ছিৰাল ফাট মেলাত এনেদৰে নাম-প্ৰসংগ কৰিবলৈ বাধ্য হৈ পৰে গাঁওবাসী।

কিয়নো কোটি কোটি টকা খৰছ কৰি অঞ্চলটোত পুৰণি আঁচনি মেৰামতি কৰাৰ লগতে নতুন আঁচনি নিৰ্মাণ কৰিছে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে৷ অৱশেষত ভগৱানেৰ ওচৰত হাতযোৰ কৰি কাকুতি-মিনতি কৰিলে বৰষুণৰ বাবে৷

মূৰৰ ঘাম মাটিত পেলাই ৰোৱা কঠিয়াতলি এতিয়া খৰাঙৰ জুয়ে পুৰিছে। ৰঙিয়াৰ মিলনপুৰত একাংশ মহিলাই এতিয়া শৰণাপন্ন হৈছে ভগৱানৰ। তেওঁলোকক লাগে খেতি ডৰাৰ বাবে এজাক বৰষুণ। সেয়ে চৰকাৰৰ আশা বাদ দি ভগৱানকে কাকুতি-মিনতি কৰিছে তেওঁলোকে।