লখিমপুৰঃ বান-গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি লখিমপুৰৰ সৰ্বত্ৰে চলিছে এতিয়া প্ৰতিবাদ৷ আজি পুৱাৰ ভাগতো সোঁৱণশিৰিৰ পাৰত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি লখিমপুৰৰ বানাক্ৰান্তই নাম-কীৰ্তনেৰে কৰিছে জল দেৱতালৈ পূজা-অৰ্চনা৷

১৯৯০ চনৰ পৰাই লখিমপুৰৰ ঢলঘাট, ঘাগৰ, মহাইজান, মাজগাওঁ, মাজৰচাপৰিকে ধৰি প্ৰায় অৰ্ধশতাধিক গাঁও সোঁৱণশিৰিৰ গৰাখহনীয়াৰ কবলত পৰি আহিছে যদিও চৰকাৰ কিম্বা লখিমপুৰ জিলা প্ৰশাসনৰ পৰা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷

প্ৰশাসন-চৰকাৰৰ আওকনিয়া মনোভাৱত খৰ্গহস্ত হৈ মিচিং জাতীয় সংগঠন টিএমপিকে, এমএমকে, টিএমএমকেও বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷

 নিৰ্বাচনত জনসাধাৰণৰ ভোটেৰে জয়ী হৈ ৰাজপাত দখল কৰা ৰাজ্য চৰকাৰখনক স্থানীয় প্ৰতিবাদী  ৰাইজে তীব্ৰ সমালোচনা কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ বৃহৎ নদীবান্ধ বন্ধ কৰা, গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা কৃষকৰ কৃষি ঋণ ৰেহাই কৰাকে ধৰি মুঠ ছয়দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।