নলবাৰীঃ মানুহক ভালপোৱা মানুহ৷ গ্ৰন্থক ভালপোৱা বহু মানুহ জড়িত এটি অনুষ্ঠান৷ যত অংকন কৰাৰ প্ৰয়াস কৰা হয় প্ৰকৃত শিক্ষাৰ দিনলিপি৷ যত শিক্ষা আৰু জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰা হয় প্ৰতিদিনে৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰীৰ আবেগৰ অনুষ্ঠান সেইটো৷

বহু টকা খৰছ কৰিও তেনে অনুষ্ঠান গঢ় দিব নোৱাৰি৷ তেনে অনুষ্ঠান গঢ় দিবলৈ আপুনি এজন ভাল অন্তৰৰ মানুহ হ’ব লাগিব৷ যত দিনে নিশাই মানুহেৰে ভৰি থাকে৷ যত আলোচনা কৰা হয় কেৱল শিক্ষাৰ কথা৷ দৰিদ্ৰৰ সন্তানৰ পৰা আৰম্ভ কৰি ধনীৰ সন্তানলৈকে কেৱল আহে জ্ঞান লভিবলৈ৷

তাত জ্ঞান আহৰণ কৰিবলৈ আপুনি দিব নালাগে টকা৷ সেই অনুষ্ঠানে আপোনাক দিয়ে সৎ হবলৈ, মানুহ হবলৈ উচিত শিক্ষা৷ যাক আমি বিদ্যালয় নতুবা মহাবিদ্যালয়ে নহয় গাঁৱৰ বিশ্ববিদ্যালয় বুলি নাম দিব পাৰো৷ সেইটো অনুষ্ঠান হৈছে প্ৰেৰণা পুথিভঁৰাল৷ জগত পোহৰাব খোজা এজন মানুহ যিজনে অহৰহ কষ্ট কৰি দিন-ৰাতি একাকাৰ কৰি থিয় কৰাইছে প্ৰেৰণা পুথিভঁৰালক৷

নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ বিহামপুৰৰ বাসিন্দা, প্ৰৱক্তা, প্ৰগতিশীল ব্যক্তি দ্বীজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ প্ৰচেষ্টাত ভূমিষ্ঠ হোৱা প্ৰেৰণা পুথিভঁৰালক কেৱল নলবাৰীৰে নহয় সমগ্ৰ অসমৰ বাবে প্ৰেৰণা৷ গ্ৰন্থ পঢ়াৰ প্ৰতিযোগিতা গঢ় দিছে এই অনুষ্ঠানটোৱে৷ অলেখ মানুহৰ আদৰ্শ হৈ পৰিছে এই অনুষ্ঠান৷ কুইজ প্ৰতিযোগিতাৰ বাবে বিখ্যাত এই অনুষ্ঠান৷ কুইজৰ উত্তৰ বিছাৰি স্কুলৰ পৰাই আহি ছাত্ৰ-ছাত্ৰীয়ে দৌৰ দিয়ে প্ৰেৰণা পুথিভঁৰাললৈ৷

প্ৰেৰণাৰ উদ্যোগত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিব পাৰিলে গৌৰৱ অৰ্জন কৰিব পাৰিব৷ প্ৰকৃতি, গ্ৰন্থ পঢ়াৰ খোৱাদ দি মানুহৰ মাজৰ পৰা আতৰি যোৱা মানুহক আকৌ মানুহৰ মাজলৈ লৈ আহিবলৈ সক্ষম হৈছে প্ৰেৰণাই৷ প্ৰেৰণাই প্ৰতি সপ্তাহত অনুষ্ঠিত কৰি আহিছে কুইজ প্ৰতিযোগিতা৷

সোমবাৰে ৩৩ সংখ্যক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰেৰণা পুথিভঁৰাল প্ৰাংগনত। কুইজ প্ৰতিযোগিতাৰ পৰিচালক হিচাপে উপস্থিত থাকে দীপজৌতি আৰু দিব্যজৌতি শৰ্মা। অনুষ্ঠানত শিক্ষাবিদ হিতেশ্বৰ লহকৰ, সমাজকৰ্মী আদিত্য লহকৰ, বৃক্ষবন্ধু গংগাধৰ বৰ্মন, কবি, পৰিবেশ কৰ্মী ভূপেন কুমাৰ দাস, সাংস্কৃতিক কৰ্মী প্ৰদীপ ডেকাই উপস্থিত থাকি প্ৰতিযোগীসকলক প্ৰেৰণা যোগায়। প্ৰতিযোগিতত প্ৰথম পুৰস্কাৰ লাভ কৰে ছাত্ৰী অনন্যা শৰ্মা, দ্বিতীয় ভনীস্মিতা বৰ্মন আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰাখী কাশ্যপে।