
newsnextone.com | ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ ৰঙিয়াত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত ৰঙিয়া কৃষক শ্বহীদ ভৱনৰ সন্মুখত প্ৰেৰণাৰ দিন উদযাপন কৰা হয়।
নাগৰিক পঞ্জী উন্নীতকৰণত জড়িত হৈ থকা বিষয়া-কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি, প্ৰেৰণা আৰু সাহস দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচী আয়োজন কৰা বুলি কয় ৰঙিয়া আছুৰ সাধাৰণ সম্পাদক নিউটন কলিতাই৷
ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি আনিছুৰ ৰহমান সম্পাদক মুকুট চৌধুৰী, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস, তৌফিকুৰ ৰহমান, ভাৰপ্ৰাপ্ত সভাপতি আচিফ আলাম, এন আৰ চি কৰ্মী বসন্ত ডেকা, বানীকান্ত মেধী উপস্থিত থাকে।
আনহাতে এন আৰ চিত জৰিত থকা বিষয়া-কৰ্মচাৰীসকলক নিয়াৰিকৈ কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আছু আৰু কৰ্মচাৰী পৰিষদৰ বিষয়-ববীয়াসকলে আহ্বান জনাই।