
গুৱাহাটীঃ অপ্ৰাদেশীকৃত সংস্কৃত টোল সমূহ প্ৰাদেশীকৰণৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰে সদৌ অসম সংস্কৃত উন্নয়ন পৰিষদে৷ ইয়াৰ লগত সংগতি ৰাখি সংস্কৃত উন্নয়ন পৰিষদৰ যুটীয়া সম্পাদক হৰেণ শৰ্মাই কয় যে বিশ্বৰ সকলো প্ৰান্ততে সমাদৃত সংস্কৃত ভাষাটো বৰ্তমানলৈ অসম ভূমিত অৱহেলিতহৈ আহিছে৷
এনে দূৰৱস্থাৰ সময়ত অকল সংস্কৃত টোল সমূহে অসমত সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব বহন কৰি আছে৷ কিন্তু অসম সংস্কৃত বোৰ্ডে এই টোল সমূহ ১৯৯৮ চনৰ পৰা ২০০৬ চনলৈ বন্ধ ৰাখিছিল আৰু ২০০৭ চনৰ পৰাহে পুনৰ শিক্ষা ব্যৱস্থা আৰম্ভ হয়৷ কিন্তু প্ৰাদেশীকৰণ আইনৰ পৰা টোল সমূহৰ সংস্কৃত শিক্ষা সম্পূৰ্ণৰূপে বাদ পৰে৷
সেয়ে আজিৰ সংবাদ মেলৰ জৰিয়তে সদৌ অসম সংস্কৃত উন্নয়ন পৰিষদে অসম চৰকাৰলৈ সংস্কৃত টোল সমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনায়৷