নগাঁওঃ দহ বছৰে প্ৰেম আৰু অৱশেষত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি অন্তঃসত্বা প্ৰেমিকাক এৰি এজন যুৱকে পলায়ণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱতীক অবৈধ গৰ্ভধাৰণৰ বোজা জাপি দি পলায়ণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চমুৱাগাঁও তিনিআলিৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ লগত নিকটবৰ্তী জামুগুৰি দঘাটৰ কমলা নাথৰ পুত্ৰ জান নাথ ওৰফে পিকুৰ যোৱা বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৷

প্ৰায়েই যুৱতীগৰাকীৰ ঘৰলৈ অহা-যোৱা কৰি থকা জানে বিয়া প্ৰলোভনেৰে বিগত সময়ছোৱাত কেইবাবাৰো যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন স্থাপন কৰে৷ ফলত যুৱতীগৰাকী অন্তঃসত্বা হয়৷ যুৱতীগৰাকীয়ে দিয়া ভাষ্য মতে, অন্তঃসত্বা হোৱাৰ কথা প্ৰেমীক জানক অৱগত কৰাত প্ৰথমাৱস্থাত বিয়াৰ আশ্বাস দিয়াৰ বিপৰীতে পিছলৈ এই কথা সম্পূৰ্ণ গোপনে ৰাখি কাকো নক’বলৈ ভাবুকি দি অহাত যুৱতীগৰাকীয়ে কাকো গৰ্ভধাৰণৰ কথা অৱগত নকৰি ভয়তে সকলো কথা গোপনে ৰাখে৷

কিন্তু যোৱা শাৰদীয় দুৰ্গোৎসৱৰ সময়ত মাতৃয়ে যুৱতীগৰাকীৰ শৰীৰৰ অস্বাভাবিক পৰিবৰ্তন লক্ষ্য কৰাত হে অৱশেষত গৰ্ভধাৰণৰ কথা স্বীকাৰ কৰাৰ লগতে সমস্ত কথা বিৱৰি কয়৷ এনে অৱস্থাত বিবুদ্ধিত পৰা যুৱতীগৰাকীৰ মাতৃয়ে সমাজৰ ভয়ত এই কথা কাৰোৰে আগত প্ৰকাশ নকৰি বহুবাৰ জানক যুৱতীগৰাকীৰ জৰিয়তে ঘৰলৈ মাতি পঠিয়াই যদিও তিলমানো গুৰুত্ব প্ৰদান নকৰি আঁতৰি ফুৰে৷ আনকি এই কথা আন কাৰোবাক ক’লে কথা বিষম হ’ব বুলি ভাবুকিহে দিয়ে৷ ফলত লম্পদ জানৰ এনে আচৰণত উপায়হীন হৈ যুৱতীগৰাকীৰ মাতৃ স্থানীয় মহিলা সমাজৰ কাষ চাপে আৰু দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে সকলো বিৱৰি কৈ মহিলাসকলৰ সহায় বিচাৰে৷

ইফালে, দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ এনে অৱস্থাত স্থানীয় মহিলাসকল সংগবদ্ধ হৈ যোৱা ৯ অক্টোবৰত লম্পদ প্ৰেমীক জানৰ ঘৰলৈ যায় আৰু ঘৰত ঘটনাৰ সবিশেষ অৱগত কৰি প্ৰকৃত সত্যটো জনাৰ বাবে জানক বিচাৰে ৷ কিন্তু জান ঘৰত নথকাত মহিলাসকল উভতি আহে যদিও পুনৰ পিছদিনা জানৰ ঘৰত উপস্থিত হোৱাত জানৰ মাক আৰু ককায়েকে জান আগদিনাৰে পৰা ঘৰত নথকা বুলি কোৱাৰ বিপৰীতে জানক দুদিনৰ পিছত লৈ গৈ মহিলাসকলৰ লগত আলোচনা কৰি বিষয়টো সৰ্বসন্মতিক্ৰমে মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি দিয়াত মহিলাসকল গুছি আহে ৷

ইপিনে, দুদিনৰ সময়সীমা পাৰ হৈ যোৱাত যোৱা ১৩ অক্টোবৰত লম্পদ জানৰ ককায়েক ইন্দ্ৰ কুমাৰ নাথ মহিলাসকলৰ ওচৰলৈ আহি জানক বিচাৰি নোপোৱা বুলি কৈ আকৌ সময় বিচাৰে আৰু পৰবৰ্তী দুদিনৰ ভিতৰত জানক বিচাৰি নাপালে মহিলাসকলে যি সিদ্ধান্ত লয় তাতেই ৰাজি হ’ব বুলি কয়৷ কিন্তু এইবাৰো জানৰ ককায়েকে দিয়া সময়সীমা কালি উকলি যোৱাত মহিলাসকল জানৰ পৰিয়ালৰ বিৰুদ্ধেত ক্ষোভিত হৈ পৰে ৷ মহিলাসকলে দুয়ো পক্ষৰ কথা শুনি বিষয়টোৰ এটা সুমীমাংসাৰ বাবে জানৰ উপস্থিতি অতিকে জৰুৰী বুলি বিবেচনা কৰিছিল যদিও জানক বিচাৰি নাপায় জানক পৰিয়ালৰ লোকে লুকুৱাই ৰখা বুলি অভিযোগ তুলি শীঘ্ৰে উচিৎ বিচাৰৰ দাবী জনাই দুৰ্ভগীয়া যুৱতীগৰাকীৰ হৈ স্থানীয় জাজৰি আৰক্ষী থানাত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷