
নগাঁওঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বিয়পি পৰিছে ঋতুৰাণীৰ মন-প্ৰাণ পুলকিত কৰা সুবাস ৷দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্ত পেলাই শক্তিৰ আৰাধ্যা দেৱী দূৰ্গাৰ ইতিমধ্যে আগমন ঘটিছে ধৰিত্ৰীলৈ৷ এইদৰে ধৰিত্ৰীলৈ যাত্ৰা কৰাৰ সপ্তম দিনটোৰ পৰাই আৰম্ভ হয় দুৰ্গোৎসৱৰ ষষ্ঠী পূজা আৰু সেই দিনাৰে পৰা অবিৰতভাৱে দেৱীৰ পূজা-অৰ্চনা কৰাৰ অন্তত দশমীৰ দিনা বিদায় দিব পৃথিৱীবাসীয়ে৷
গতিকে সকলোৰে অতি আদৰৰ ৰং-ৰহইচৰ এই শাৰদীয় দূৰ্গা পূজালৈ মাজতে আৰু মাত্ৰ দুটা দিনহে থকা অৱস্থাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো সম্প্ৰতি সৃষ্টি হৈছে পূজাকেন্দ্ৰীক ব্যস্ততামুখৰ পৰিবেশ৷ সৰ্বত্ৰে প্ৰস্তুতি চলিছে শাৰদীয় ৰাণী দেৱী দূৰ্গাৰ পূজা-অৰ্চনাৰ আয়োজনৰ৷
পূজাৰ যা-যোগাৰ কৰাত পূজা আয়োজক সকলৰ ব্যস্ততা দুগুণে চৰাৰ বিপৰীতে সৰ্বসাধাৰণ ৰাইজো ব্যস্ত হৈ পৰিছে বজাৰ-সমাৰ কৰাত৷ জিলা প্ৰশাসনৰো ব্যস্ততাৰ অন্ত নাই আইন-শৃংখলা পৰিস্থিতিক লৈ৷ ইয়াৰ মাজতে সকলোৰে অলক্ষিতে গুৰুত্ব বাঢ়িছে প্ৰতিমা খনিকৰসকলৰ৷
বৰ্তমান দিন-ৰাতি একাকাৰ কৰি কঠোৰ পৰিশ্ৰমেৰে মৃন্ময় মূৰ্তিক দেৱী দূৰ্গাৰ ৰূপ দিবলৈ নিৰৱচ্ছিন্নভাবে ব্যস্ত আছে এইসকল খনিকৰ৷ এইসকলৰ যেন এতিয়া আহৰি নাই খোৱা কিম্বা শোৱাৰ৷ সকলোয়ে আনতকৈ নিজৰ প্ৰতিমা অধিক মনোমোহা আৰু আটকধুনীয়া কৰি তুলিবৰ বাবে প্ৰতিমাত শেষ কন হাত বুলাই দিয়াত নিৰলভাৱে ব্ৰতী হৈছে৷
বৰ্তমান শাৰদীয় দূৰ্গা পূজালৈ মাজত আছে মাথোন দুটা দিন ৷সেয়ে,প্ৰতিমা খনিকৰসকলে এইকেইদিন কাহিলি পুৱাৰে পৰা দোভাগ নিশালৈকে প্ৰতিমা নিৰ্মাণত সময় অতিবাহিত কৰা দেখা গৈছে ৷এই সময়ছোৱাত এইসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ অন্তত একোটা মৃন্ময় মূৰ্তি জীৱন্ত ৰূপেৰে ঐশ্বৰ্যময়ী হৈ পৰে৷ এইসকল প্ৰতিমা খনিকৰে কেঁচা মাটিৰ গোন্ধৰ মাজতে বিচাৰি পায় জীয়াই থকাৰ সম্বল৷
সচৰাচৰ ককাক বা পিতৃৰ শিল্প কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই বংশানুক্ৰমে প্ৰতিমা প্ৰস্তুত কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আহিছে৷ প্ৰতিবছৰে পূজা অহাৰ লগে লগে এওঁলোকে যুদ্ধংদেহী মনোভাবেৰে লাগি যায় প্ৰতিমাৰ প্ৰাণ সঞ্চাৰ কাৰ্যত আৰু আশা কৰে যাতে প্ৰতিমাবোৰে গ্ৰাহকৰ পৰা উচিত মূল্য পায়৷
কিন্তু পৰিতাপৰ কথা যে, বৰ্তমান সময়ত বয়-বস্তুৰ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰতিমা বনোৱা কাঠ, বাহঁ, মাটি, খেৰ, ৰং আদিৰ দামো যথেষ্ট বৃদ্ধি পাই আহিছে যদিও তাৰ অনুপাতে কিন্তু বৃদ্ধি পোৱা নাই প্ৰতিমাৰ মূল্য৷ আনকি সাম্প্ৰতিক সময়ত প্ৰতিমা নিৰ্মাণত প্ৰতিযোগিতা আহি পৰাৰ বিপৰীতে আধুনিকতাৰ ধাম-খুমীয়াত প্ৰতিমাবোৰৰ অংগসজ্জা তথা সাজ-পোচাক, আ-অলংকাৰ আদিতো অভাৱনীয় পৰিবৰ্তন অহাত একাংশ খনিকৰ বিবুদ্ধিত পৰিবলগীয়া হৈছে৷
তৎসত্বেও এই খনিকৰসকলে মূৰ্তি নিৰ্মাণৰ বাবে ব্যৱহৃত সা-সামগ্ৰীৰ দাম বঢ়াৰ সমান্তৰালকৈ আন অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ কালছোৱাত একো একোটা প্ৰতিমা বিক্ৰী কৰি বিশেষ লাভৱান নহ’লেও শিল্পীসত্ত্বাৰ আকুল আহ্বানক নেওচিব নোৱাৰি প্ৰতিবছৰে পূজাৰ কালছোৱাত এইসকল খনিকৰে মূৰ্তি বনোৱা কামত মন-প্ৰাণ সপি দিয়ে৷
অৱশ্যে পূজা মণ্ডপ আৰু দূৰ্গা প্ৰতিমাৰ জাক-জমকতাত আপ্লুত হৈ অনাবিল আনন্দত মতলীয়া হৈ পৰা জনসাধাৰণেও পিছে দুৰ্ভাগ্যজনকভাবে জ্ঞাত নহয় বা অনুভৱ নকৰে এই শিল্পীসকলৰ কঠোৰ শ্ৰমৰ বিষয়ে৷ ইফালে, পূজাৰ সময়ত অতিকে প্ৰয়োজনীয়তা অনুভৱ কৰা এই মৃৎ ভাস্কৰ্য শিল্পীসকলৰ প্ৰতি চৰকাৰেও বিশেষ উদাৰ দৃষ্টিভংগী গ্ৰহন কৰা দেখা নাযায়৷
যাৰ ফলত এইসকলে সমাজত মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ আজিৰ তাৰিখতো সক্ষম হোৱা নাই৷ গতিকে, চৰকাৰে এইসকলৰ কৰ্মৰাজি তথা কঠোৰ অধ্যৱসায়ক গুৰুত্ব সহকাৰে লৈ প্ৰয়োজন সাপেক্ষে বিভিন্ন আচঁনিৰ জৰিয়তে সাহায্য প্ৰদানেৰে এই লোকসকলক বৃত্তিটোৰ প্ৰতি উৎস কৰি তুলিবলৈ সচেতন লোকসকলে অনুৰোধ জনাইছে৷