গৌৰীসাগৰঃ ঐতিহাসিক ৰামখা পীঠ দেৱালয়৷ সতী পাৰ্বতীৰ স্মৃতি বিজড়িত বক্ষ নিহিত হৈ থকা তন্ত্র পীঠখনেই হৈছে ৰামখা পীঠ দেৱালয়৷ শৰত কালৰ মনোৰম আৰু নৈসৰ্গিক সৌন্দৰ্য বৰ্ধনৰ মাজেৰে মৰ্ত্যলৈ আগমন ঘটিব দেৱী দূৰ্গাৰ৷

সমগ্র ৰাজ্যৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখৰ তন্ত্রপীঠ ৰামখা পীঠ দেৱালয়তো অতি উলহ মালহেৰে আযোজন কৰা হৈছে শাৰদীয় দুৰ্গাপূজাৰ৷ আয়োজক সমিতিয়ে জনোৱা মতে হাজাৰ বছৰ অতিক্রম কৰিছে এই পীঠৰ পূজাই৷

উল্লেখ্য যে, তন্ত্রপীঠ কামাখ্যাৰ দৰে এই পীঠৰো আছে এক সুকীয়া বৈশিষ্ট্য৷ সতী পাৰ্বতীৰ স্মৃতি বিজড়িত বক্ষ নিহিত হৈ আছে এই পীঠত৷ স্বৰ্গদেৱ চুকাফাই প্রতিষ্ঠা কৰি যোৱা এই পীঠ ব্রহ্মপুত্রৰ বুকুত বিলীন হোৱাৰ পাছত ৰজা লক্ষ্মী সিংহই পুনৰ উদ্ধাৰ কৰি এডোখৰ ঠাইত বাহৰ পাতি সেনাপতি বদন বৰফুকনৰ নেতৃত্ত্বত এই পীঠ নিৰ্মাণ কৰিছিল বুলি এক প্রবাদ আছে৷ 

এই পীঠত বিগত বৰ্ষৰ দৰে এইবাৰো বলি বিধানেৰে সমাপন কৰা হ'ব পূজা৷ এইবাৰ হাহ, ছাগলী, পাৰ, কুকুৰা, কোমোৰা, কুহিয়াৰ আদি বলি বিধানেৰে শক্তিৰ দেৱীক পূজা কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷  আনহাতে প্রতি বছৰৰ দৰে এইবছৰো দেশী বিদেশী ভক্তৰ পীঠখনলৈ সমাগম ঘটিব বুলি আশা কৰিছে আয়োযক সমিতিয়ে৷