Metro
Metro

নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰী ঈদ শনিবাৰে নগাঁও জিলাতো পালন কৰা হ’ব৷

বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে ঈদৰ আনন্দ-উৎসাহ ভালেখিনি ম্লান পেলাইছে যদিও ঈদ-উজ-জোহাৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে জাক-জমককৈ তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

নগাঁও চহৰৰ লগতে বিভিন্ন অঞ্চলৰ ইছলাম বসতিপূৰ্ণ ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱাৰ ভাগত নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিবোৰে৷ তদুপৰি বকৰী ঈদৰ পৰম্পৰা অনুসৰি বিত্তৱান সকলে যিয়ে যেনেকৈ পাৰে সাধ্যানুসাৰে কোৰবানী দিয়াৰ ব্যৱস্থা কৰিছে৷

অৱশ্যে, ঈদ-উজ-জোহাৰ পবিত্ৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বহু দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ ৰং-তামাচা তথা স্ফূৰ্তি বহুখিনি হ্ৰাস পাইছে সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ হেতু৷