জোনাইঃ চলুং হ’ল অৰুণাচল প্ৰদেশত বসবাস আদি জনগোষ্ঠীৰ ধৰ্মীয় জাতীয় উৎসৱ। আদি-মিচিং বানে কেবাঙে জন্মলগ্নৰে পৰা অসম-অৰুণাচলত বসবাস কৰা বৃহত্তৰ আদি-মিচিং জনগোষ্ঠীৰ মাজত সম্বন্ধয় সুদৃঢ় কৰাৰ পক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। 

তাৰ অংশ ৰূপে আদি-মিচিং বানে কেবাঙৰ উদ্যোগত অৰুণাচলতো মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লিগাং উদযাপন কৰি আহিছে আৰু অসমৰ মিচিং অধ্যুষিত অঞ্চলতো চলুং উদযাপন কৰি তাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে আদি-মিচিং বানে কেবাঙে।

বিগত বৰ্ষৰ দৰে এইবাৰো আদি-মিচিং বানে কেবাঙৰ উদ্যোগত জোনাইৰ গালী মেচাকী গাঁৱত শুকুৰবাৰে এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে চলুং উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আদি-মিচিং বানে কেবাঙৰ সভাপতি ৰাজু মেদকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।