নগাঁও টাউনঃ শিল্পী সমাজ, অসমৰ উদ্যোগত, নূপুৰ নৃত্যাংগনা, তেজপুৰ আৰু শিল্পপ্ৰাণ ৰাইজৰ সহযোগত বিশ্ববিশ্ৰুত কন্ঠশিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ওপজা দিন আৰু সমাজৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৮, ৯, ১০ আৰু ১৬, ১৯ ছেপ্টেম্বৰ তাৰিখে তেজপুৰ কলেজিয়েত হাইস্কুল খেলপথাৰ আৰু নগাঁৱৰ নেহেৰুবালিত যুটীয়াভাৱে উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

১০ ছেপ্টেম্বৰ পুৱা ৯ বজাত সদৌ অসম প্ৰাইজমানী চিত্ৰাংকন প্ৰতিযোগিতা এখনি আয়োজন কৰাৰ লগতে সন্ধিয়া ৬ বজাত সমাজৰ বাৰ্ষিক মুখপত্ৰ ৰঙ্গশালা উন্মোচন কৰা হ’ব। সন্ধিয়া ৭ বজাত শিল্পী সমাজ, অসম বটাঁ প্ৰদান অনুষ্ঠান কৰা হ’ব৷ সন্ধিয়া ৭-৩০ বজাত অনুষ্ঠিত হ’বলগা শিল্পী সমাৰোহৰ অতিথি শিল্পী হিচাপে অংশ ল'ব জুবিন গাৰ্গ, মৌচুমী চহৰীয়া, সূৰ্য দাস, জ্যোতিময় দেবনাথ, পদ্মনাভ বৰদলৈ, তুলসী ওজা, চয়নিকা দত্ত, কৃষ্ণমনি নাথ, আৰু আৰিফুল হকে।

নগাঁৱৰ নেহেৰুবালিত ১৬ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন জনগোষ্ঠীয়ে নৃত্য প্ৰদৰ্শন আৰু আমন্ত্ৰিত শিল্পীয়ে গীত নৃত্য পৰিৱেশন কৰাএই সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে। শিল্পী সমাজ, অসমৰ দ্বাৰা আয়োজিত হ’বলগীয়া পাচদিনীয়া অনুষ্ঠানৰ সমূহ কাৰ্য্যসূচীতে শিল্প প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে সমিতিয়ে।