
গুৱাহাটীঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাৰিদিনীয়া উত্তৰ–পূব ভ্ৰমণৰ বুধবাৰে অন্তিম দিন৷ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে অন্তিম দিনটো চুবুৰীয়া ৰাজ্য মণিপুৰত অতিবাহিত কৰিব৷ মণিপুৰত দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে প্ৰথমে যুদ্ধৰ স্মৃতি বিজড়িত স্থান পৰিদৰ্শন কৰিব তেওঁ৷ মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ উন্নয়ণ শীৰ্ষক এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ তাৰ পিছতে মণিপুৰৰ ৰাইজৰ বহু আকাংক্ষাৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত ছাংগাই উৎসৱত অংশ গ্ৰহণ কৰি ছাইগাই উৎসৱ উদ্ধোধন কৰে কোবিন্দে।
মণিপুৰত ৰাষ্ট্ৰপতিয়ে INA WAR MEMORIAL পৰিদৰ্শন কৰাৰ লগতে সংগ্ৰহালয়ত থকা যুদ্ধৰ সময়ৰ সামগ্ৰী সমূহ স্বচক্ষে চাব বুধবাৰে। মঙলবাৰেই মণিপুৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলত উদ্বোধন কৰে নৰ্থ ইষ্ট ডেভেলপমেণ্ট উদ্ধোধন কৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণ হলেহে দেশৰ উন্নয়ণ বুলি কয়৷ পৰম্পৰা, ঐতিহ্য, লোকসংস্কৃতি উপভোগ কৰি অভিভূত হৈ পৰে৷ দেশৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্য খনত দুটাকৈ দিন কটোৱাত মণিপুৰৰ লোক উৎসাহী হৈ পৰে৷ আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কহিমাত অনুষ্ঠিতহ’বলগীয়া ঐতিহ্যমণ্ডিত বিশ্বপ্ৰসিদ্ধ হৰ্নবিল উৎসৱত উপস্থতি থাকি হৰ্নবিল উৎসৱ উদ্ধোধন কৰিব৷
চাৰি দিনৰ ভ্ৰমণ সূচী লৈ উত্তৰ-পূৰ্বাঞ্চললৈ অহা দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে শিলচৰত উপস্থিত হৈ নমামি বৰাক উৎসৱত অংশ গ্ৰহণ কৰে৷ ৰাজ্য চৰকাৰৰ উদ্যোগত কেইবা কোটি টকা খৰছেৰে অনুষ্ঠিত হোৱা নমামি বৰাক উৎসৱত অংশ গ্ৰহণ কৰি ৰাজ্যবাসীক উদ্দেশ্যে ভাষণ প্ৰদান কৰিব কোবিন্দে৷ সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ’য়৷ সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ তাৰ পিছত নিশাটো গুৱাহাটীত কটাই ৰাষ্ট্ৰপতিগৰাকীয়ে৷ মঙলবাৰে পুৱাই পত্নী সহিতে ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে৷
মঙলবাৰে ২১ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰলৈ যাত্ৰা কৰে৷ আৰু তাত তেওঁ উত্তৰ-পূব উন্নয়ণ পৰিষদৰ অধিবেশনখন উদ্বোধন কৰাল লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে মণিপুৰৰ সাংগাই উৎসৱত অংশ গ্ৰহণ কৰে। দিল্লীলৈ ওভতাৰ পূৰ্বে বুধবাৰে INA WAR MEMORIAL দৰ্শন কৰিব তেও৷ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পিছতে প্ৰথম বাৰ উত্তৰ পূৰ্বাঞ্চলল ভ্ৰমণ কৰে ৰামনাথ কোবিন্দ। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণাতান্ত্ৰীক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত প্ৰথম বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰে৷ দেওবাৰে ৰামনাথ কোবিন্দ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা-বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদীশ মুখীয়ে লীলাবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক৷