
ৰঙিয়াঃ এই খন আমাৰ অসম৷ ইয়াত কেৱল খিলঞ্জীয়া মানুহৰহে দপ দপনি চলিব। নগাঁও কাণ্ডত আছুৰ কেন্দ্ৰীয় নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি সৰৱ চৰ্চা চলি থকাৰ সময়তে আজি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই ৰঙিয়াত এনেদৰে বিস্ফোৰক মন্তব্য কৰে৷
আছুৰ উপদেষ্টাগৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ গৈ এক সংবাদমেল অনুষ্ঠিত কৰি নগাঁও কাণ্ডত জড়িত সকলোকে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগিব বুলি কয়। অসমৰ জাতি-জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হ’ব লাগিব বুলি দোহাৰি আক্ৰমণকাৰীক কঠোৰ ভাবে সকীয়াই দিয়ে৷
খিলঞ্জীয়াৰ চিন্তা, খিলঞ্জীয়াৰ পৰিচয়, খিলঞ্জীয়াৰ প্ৰভুত্বৰ প্ৰতি কোনো অৱজ্ঞাসূচক মনোভাৱ নলবলৈ দিল্লী-দিছপুৰ চৰকাৰক সকীয়নী প্ৰদান কৰে ভট্টচাৰ্যই। ৭১’ চনৰ পিছত অহা হিন্দু মুছলমান বাংলাদেশীৰ বোজা অসমে কোনো কাৰণতে নলয় বুলি পুনৰ স্পষ্ট কৰে নেতাগৰাকীয়ে৷ খিলঞ্জীয়াবিৰোধী কোনো কথা কেতিয়াও সহ্য কৰা নহব আৰু ইয়াৰ পৰিণাম ভয়াবহ হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।
আনহাতে অসমৰ খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত হে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক ভোট দিছিল বুলি কৈ খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰো দায়িত্ব এইখন চৰকাৰৰে বুলি তেওঁ মত ব্যক্ত কৰে। কেন্দ্ৰীয় চৰকাৰে ৭১ৰ পাছত অহা বাংলাদেশীক অসমত সংস্থাপন কৰিম বুলি কোৱাৰ পাছৰে পৰাই খিলঞ্জীয়া বিৰোধী শক্তিয়ে উভতগোৰে নাচিব ধৰিছে বুলিও সংবাদমেলখনতে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আছু নেতাগৰাকীয়ে। আনহাতে, ছছিয়েল মিডিয়াত এবছুৰ সভাপতি প্ৰমোদ বড়োক ভাবুকি দিয়া কাৰ্য্যতো উদ্বেগ প্ৰকাশ কৰি ভট্টাচাৰ্যই ইয়াৰ বিৰুদ্ধে চৰকাৰক কঠোৰ স্থিতি লোৱাৰ বাবেও আহ্বান জনায়। এই ক্ষেত্ৰত প্ৰমোদ বড়োই চিন্তা কৰাৰ কোনো কাৰণ নাই বুলিও ছাত্ৰ নেতাগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে৷